ETV Bharat / city

সৰুসজাইত নিৰ্মীয়মান অতিৰিক্ত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ - সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কোৱাৰান্টাইন কেন্দ্ৰ

সৰুসজাইত নিৰ্মীয়মান অতিৰিক্ত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ ৷ অহা ২৪ ঘন্টাৰ ভিতৰত কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিদেৰ্শ উপায়ুক্ত গৰাকীৰ ৷

সৰুসজাই
অতিৰিক্ত কোৱাৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ
author img

By

Published : Apr 12, 2020, 8:15 PM IST

গুৱাহাটী, 12 এপ্ৰিল : দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কোৱাৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে । অস্থায়ী কোৱাৰেন্টাইন কেন্দ্ৰটোৰ ব্যৱস্থাৱলী আৰু ব্যৱস্থাপনাৰ লগত জড়িত বিষয়াসকলৰ সৈতে কেন্দ্ৰটোৰ পৰ্যালোচনা কৰে উপায়ুক্তগৰাকীয়ে ।

সৰুসজাই
অতিৰিক্ত কোৱাৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

আনহাতে, সৰুসজাই ক্ৰীড়া প্ৰকল্পত অতিৰিক্তভাৱে নিৰ্মাণ হৈ থকা কোৱাৰেন্টাইন কেন্দ্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয় পেগুৱে । এই অতিৰিক্ত কেন্দ্ৰটোত ২১৫ টা সুকীয়া কেবিন থাকিব । অহা ২৪ ঘন্টাৰ ভিতৰত কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিদেৰ্শ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

ইয়াৰোপৰি খাদ্য, পানী যোগান, গড়কাপ্তানী, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য আৰু বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ লগতো আলোচনাত বহে জিলা উপায়ুক্তগৰাকীয়ে । উল্লেখযোগ্য যে, জিলা উপায়ুক্তৰ লগত কেন্দ্ৰটো পৰিদৰ্শন কৰে কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে চিন্ময় নাথ, বিপুল কুমাৰ দাস, মুনীন্দ্ৰ বৰদলৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়াৰ উপৰিও কেইবাগৰাকী শীৰ্ষ বিষয়াই ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.