গুৱাহাটী, 15 ডিচেম্বৰ : সোমবাৰে SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্তসকলক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় । প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ, বিজেপি নেতা দ্বিবন ডেকা, সৰোজ শৰ্মাকে ধৰি মুঠ 35 গৰাকী অভিযুক্তক হাজিৰ কৰোৱা হয় আদালতত ।
ইতিমধ্যেই আৰক্ষী আৰু চিআইডিৰ তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ তদন্তকাৰী বিষয়াই কেলেংকাৰীৰ মূল অভিযুক্তসকলৰ বিৰুদ্ধে নতুন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আবেদন জনাইছিল । আদালতে সকলো দিশ চালি জাৰি চাই উক্ত আবেদন গ্ৰাহ্য কৰে । ইয়াৰ পাছতে বিশেষ ন্যায়াধীশৰ আদালতত আটাইকেইগৰাকীকে হাজিৰ কৰোৱা হয় ।
সম্প্ৰতি দুৰ্নীতি নিবাৰণ অনুচ্ছেদৰ অধীনত 7, 8, 13, 14 ধাৰা নতুনকৈ সন্নিৱিষ্ট কৰা হয় । উল্লেখযোগ্য যে, বৰ্তমান ন্যায়িক জিম্মাত আছে অসম আৰক্ষীৰ পৰীক্ষা কেলেংকাৰীৰ অভিযুক্তসকল ।
লগতে পঢ়ক : অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক