ETV Bharat / city

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক’লে ABSU ৰ সভাপতিয়ে ?

author img

By

Published : Jan 18, 2022, 5:37 PM IST

ষষ্ঠ অনুসূচীত অন্তৰ্গত জনজাতিসমূহৰ কোনো অসুবিধা নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা দিলে আপত্তি নাই এবছুৰ (ABSU on ST status to six groups) ৷ চৰাইদেউত উপস্থিত হৈ এই মন্তব্য এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷

absu-president-talking-about-st-status-to-six-groups
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক’লে ABSU ৰ সভাপতিয়ে ?

মৰাণ, 18 জানুৱাৰী : 2022 বৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে হোৱা এক বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত মন্তব্য কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পূৰ্বৰ প্ৰতিবেদন দিলেই অসমত ৰক্তপাত হোৱাৰ আশংকা কৰিছিল (CM Himanta on ST status of six groups) ৷

বৰ্তমানৰ জনজাতিসকল আৰু নতুনকৈ হ’বলগীয়া জনজাতি কেইটাৰ মাজত ইয়াক লৈ আপত্তি সৃষ্টি হোৱাৰো আশংকা কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক’লে ABSU ৰ সভাপতিয়ে

কিন্তু শেহতীয়াকৈ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জনজাতিসমূহৰ কোনো অসুবিধা নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাক লৈ আপত্তি নাই বুলি দাবী কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই (ABSU on ST status to six groups) ৷ চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী অনুষ্ঠান (Silver Jubilee Celebrations of Charaideo ABSU) ত অংশগ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে (ABSU president Dwipen Boro) কৰিলে এই মন্তব্য ।

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বড়ো জনগোষ্ঠীয় সংগঠনটোৰ নেতাগৰাকীয়ে এইদৰে পোনপটীয়াকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক আন জনগোষ্ঠীৰ সমস্যা নোহোৱাকৈ সমৰ্থন কৰা কাৰ্যই স্বাভাৱিকতে সৃষ্টি কৰিছে এক আশাৰ পৰিৱেশ ৷ উল্লেখযোগ্য যে, সোমবাৰে চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সামৰণি পৰে ।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আদিৰ পাছতে সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় । আনহাতে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰা মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

নিখিল বড়ো ছাত্ৰ সন্থাৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰ লগতে বড়ো সাহিত্য সভা, বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ নেতা তথা বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Meghalaya border conflict : কইনাধৰাত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.