ETV Bharat / city

ৰাজ্যত স্থাপন হ'ব ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ ৫০ টা ধান মিল

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক । কৃষক উৎপাদক কোম্পানীৰ মাজত বিতৰণ হ’বলগীয়া ৰাইচ মিল, কম্বাইণ্ড হাৰ্ভেষ্টাৰ আৰু মিনি ট্ৰাকৰ বাবে প্ৰস্তাৱিত আঁচনি সন্দৰ্ভত আলোচনা (CM conference with farmers)। ১ মেট্ৰিক টন ক্ষমতা থকা মিলৰ বাবে ১০ লাখ টকা, ২ মেট্ৰিক টন ক্ষমতাৰ বাবে ১৫ লাখ আৰু ৪ মেট্ৰিক টন ক্ষমতাৰ বাবে প্ৰদান কৰা হ'ব ৪০ লাখ টকা (Assam govt New Agri project ) ।

50 rice mills to be set up in Assam with a milling capacity of 200 metric tonnes

author img

By

Published : Aug 25, 2022, 10:43 PM IST

গুৱাহাটী, ২৫ আগষ্ট : অসম চৰকাৰে ৰাজ্যত ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০ টা ধান মিল স্থাপন কৰাৰ সিদ্ধান্ত লৈছে (High quality rice mil in Assam) । এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আজি মুখ্যমন্ত্ৰী শৰ্মাই জনতা ভৱনত কৃষক, উৎপাদক কোম্পানীৰ মাজত বিতৰণ হ’বলগীয়া ৰাইচ মিল, কম্বাইণ্ড হাৰ্ভেষ্টাৰ আৰু মিনি ট্ৰাকৰ বাবে প্ৰস্তাৱিত আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় (Assam govt New Agriculture project)।

বৈঠকত মুখ্যমন্ত্রীয়ে ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০টা ধান মিল স্থাপন কৰাৰ কথা সদৰী কৰে । এই আঁচনিখন মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি আন্তঃগাঁথনি পুঁজিৰ সৈতে একত্ৰিত হৈ প্ৰসাৰ কৰা হ’ব । ইয়াৰ অধীনত ১ মেট্ৰিক টন ক্ষমতা থকা মিলৰ বাবে ১০ লাখ টকা, ২ মেট্ৰিক টন ক্ষমতাৰ বাবে ১৫ লাখ আৰু ৪ মেট্ৰিক টন ক্ষমতাৰ বাবে ৪০ লাখ টকা প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক: কৰ্মচাৰীক প্ৰহাৰ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰ্মচাৰী পৰিষদৰ

পুঁজিৰ অধীনত বিকল্প প্ৰক্ৰিয়া হিচাপে ১,০০০টা মিনি ৰাইচ মিলৰো পৃষ্ঠপোষকতা কৰা হ’ব আৰু প্ৰতিটো মিলত ১.১৭ লাখ পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হ’ব (Rice mil to farmer) ।

সংযুক্ত হাৰ্ভেষ্টাৰ ক্ৰয়ৰ বাবে এফ পি চিসমূহক ৯০ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব । কৃষিৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব লগা এফ পি চিসমূহৰ মাজত মিনি ট্ৰাক বিতৰণ কৰা হ'ব আৰু ইয়াৰ বাবে ৰাজসাহায্য ৩০ শতাংশ নাইবা ১.৫ লাখ টকা লৈকে প্ৰদান কৰা হ'ব । বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, অতিৰিক্ত মুখ্য সচিব বি এছ ছামাল আৰু আশিস ভূটানী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ মুখ্য কাৰ্যবাহী বিষয়া পদ্মপাণি বৰা উপস্থিত থাকে ।

লগতে পঢ়ক: নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.