ETV Bharat / city

ৰাজ্যৰ 190 টা ভোটকেন্দ্ৰই সুৰাৰ বিপনীৰ সমীপত

author img

By

Published : Jan 24, 2021, 1:12 PM IST

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা এক তথ্যত শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় 190 টা ভোটকেন্দ্ৰক সুৰা বিপনীৰ ওচৰতে থকা বাবে সংবেদনশীল বুলি কোৱা হৈছে ৷

190-polling-stations-in-assam-vulnerable-to-booze
190 টা ভোটকেন্দ্ৰক দেশত নিৰ্মিত বিদেশী আৰু দেশীয় সুৰা সংবেদনশীল ঘোষণা

নিউজ ডেস্ক, 24 জানুৱাৰী : সমাগত ৰাজ্যৰ 2021 চনৰ বিধানসভা নিৰ্বাচন ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই 190 টা ভোটকেন্দ্ৰক বিদেশী সুৰা আৰু দেশীয় সুৰাৰ প্ৰতি সংবেদনশীল ঘোষণা কৰা হৈছে ৷ ৰাজ্যৰ আৱকাৰী বিভাগে প্ৰকাশ কৰিছে এই বিশেষ তথ্য ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সংবেদনশীল আৰু অতি সংবেদনশীল ভোটকেন্দ্ৰৰ তালিকাৰ পিচতেই এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ আৱকাৰী বিভাগে ৷ মুঠ 12 খন জিলাত 190 টা ভোটকেন্দ্ৰক এইদৰে চিনাক্ত কৰিছে ৰাজ্যৰ আৱকাৰী বিভাগে ৷

পূৰ্বৰ বিধানসভা নিৰ্বাচনৰ সময়ত ভোটকেন্দ্ৰ কেইটাত সংঘটিত হোৱা হিংসাত্মক কাৰ্য আৰু অন্যান্য অঘটনকাৰী ঘটনাৰ বাবেই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুঠ 12 খন জিলাত 190 টা ভোটকেন্দ্ৰক এইদৰে সুৰাৰ প্ৰতি সংবেদনশীল ঘোষণা কৰিছে আৱকাৰী বিভাগে ৷

অসমৰ শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট আৰু ধেমাজি জিলাৰ লগতে ধুবুৰী জিলাত আছে এইকেইটা ভোটকেন্দ্ৰ ৷ ইয়াৰ বাবে ইতিমধ্যে আৱকাৰী বিভাগে উক্ত জিলাসমূহত নিজৰ দল নিয়োগ কৰি তীক্ষ্ণ নজৰ ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.