ETV Bharat / city

টিংখাঙৰ 205 পৰিয়ালৰ 105 গৰাকী কৰ’ণাত আক্ৰান্ত - লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা

টিংখাঙৰ নখাট গাঁৱত কৰ’ণাৰ ভয়ংকৰ গণ সংক্ৰমণ । একেখন গাঁৱৰে ২০৫ টা পৰিয়ালৰ ১০৫ জন লোক ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজনৰ ৷

টিংখাঙৰ 205 পৰিয়ালৰ 105 গৰাকী কৰ’ণাত আক্ৰান্ত

author img

By

Published : May 15, 2021, 8:44 PM IST

টিংখাং, 15 মে' : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ন-খাট গাঁৱত ক’ভিডৰ ভয়ংকৰ গণ সংক্ৰমণ । একেখন গাঁৱৰে ২০৫ টা পৰিয়ালৰ ১০৫ জন লোকে ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰে ইতিমধ্যে এজনৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৬৫ জনৰো অধিক লোকে আৰোগ্য লাভ কৰিছে । বিগত ১০ দিনে গৃহবন্দী হৈ আছে গাঁওখনৰ ২০৫ টা পৰিয়ালৰ লোক ।

টিংখাঙৰ 205 পৰিয়ালৰ 105 গৰাকী কৰ’ণাত আক্ৰান্ত

গাঁওখনৰ লগতে প্ৰতিটো ঘৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । এই সংক্ৰমণ যাতে কাষৰীয়া গাঁও সমুহলৈ বিয়পিব নোৱাৰে আৰু গাঁওখনৰ এজনো লোক যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে সেইক্ষেত্ৰত লেঙেৰী, চাউদাং, চাংমাই, লাহোৱাল, উজনি নামদাং, গৰুহৰা, নলনী চমুৱা, ন-খাট আদি অঞ্চলৰ গাঁওৰক্ষী বাহিনীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷

কৰ পৰা এই ভয়ংকৰ গণ সংক্ৰমণ হ’বলৈ পালে এই সন্দৰ্ভত বৰ্তমানলৈকে সঠিক তথ্য পোহৰলৈ অহা নাই । এনে জটিল পৰিস্থিতিৰ বাবে গাঁওখনৰ দিন-হাজিৰা কৰা লোকসকল মহা সংকটত পৰা পৰিলক্ষিত হৈছে ৷ আহোম জাতীয় গণমঞ্চ লেঙেৰী আঞ্চলিক সমিতি, লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গাঁওখনত যোগান ধৰিছে খাদ্য সামগ্ৰী ।

লগতে পঢ়ক : ২ লাখ লোকক ভূমি পট্টা প্ৰদানৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.