ETV Bharat / city

ৰজত কমল বঁটা প্ৰাপক ৰম্য নেওগৰ বিয়োগ

author img

By

Published : Apr 6, 2021, 9:20 PM IST

টিংখাঙৰ সাংস্কৃতিক ক্ষেত্ৰত অপূৰণীয় ক্ষতি । অভিনেতা, পৰিচালক, উদীয়মান সাংস্কৃতিক কৰ্মী ৰম্য নেওগৰ আকস্মিক বিয়োগ ৷

ৰজতকমল বঁটা প্ৰাপক ৰম্য নেওগৰ আকস্মিক বিয়োগ

টিংখাং,6 এপ্ৰিল: টিংখাঙৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী, ভিচিডি পৰিচালক, অভিনেতা ৰম্য নেওগৰ আকস্মিক মৃত্যুৰ ঘটনাই টিংখাঙত গভীৰ শোকৰ ছাঁ পৰিছে ৷ ৰাজগড় নিবাসী মদন নেওগ আৰু বিনু নেওগৰ জ্যেষ্ঠ পুত্ৰ ৰম্য নেওগ (৪০) হঠাতে অসুস্থ হৈ পৰাত নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও মঙলবাৰে পুৱা ৬.৪৫ বজাত মৃত্যু ঘটে ।

৬ খনকৈ ভিচিডি নিৰ্মাণ, ৰজত কমল বঁটা প্ৰাপক ব্যক্তি গৰাকীয়ে বোলছবি সতী ৰাধিকাত কৰা দক্ষ অভিনয়ৰ জৰিয়তে এসময়ত অসমৰ বিহু মঞ্চত খলকনি সৃষ্টি কৰিছিল ৷ শেহতীয়াকৈ ৰাজগড়ত পাঞ্চজন্য নামেৰ এটা সংস্থা গঠন কৰি সাংস্কৃতিক ক্ষেত্ৰখন আগুৱাই নিয়াৰ উদ্দেশ্যে উঠি অহা প্ৰজন্মৰ বাবে বিভিন্ন নৃত্য-গীতৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছিল ।

এজন নিষ্ঠাবান সাংস্কৃতিক কৰ্মীৰ আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে টিংখাং ৰাজগড়ৰ সাংস্কৃতিক কৰ্মীসকলক । মৃত্যুৰ সময়ত ৰম্য নেওগে পিতৃ-মাতৃ, পত্নীসহ এটি চাৰে পাঁচ বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায় । এজন নিষ্ঠাবান সাংস্কৃতিক কৰ্মীৰ অকাল বিয়োগে ৰাজগড়ৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি কৰা বুলি মন্তব্য কৰে সচেতন ব্যক্তিসকলে ৷

লগতে পঢ়ক: উৰাবাতৰি : ধুবুৰীৰ গুটিপাৰা ভোটকেন্দ্ৰত উত্তেজনা, স্থগিত ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.