ETV Bharat / city

টিংখাঙত বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস

author img

By

Published : Aug 3, 2020, 3:16 PM IST

টিংখাঙৰ ৰাজগড়তো বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস উদযাপন কৰা হয় ৷ টিংখাঙৰ প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডা, টিংখাং ব্লক কংগ্ৰেছৰ সভাপতি ৰমেশ চাংমাইৰ নেতৃত্বত যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ উপস্থিতিত সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ৷

Tingkhong_Congress_protest
টিংখাঙত বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস

টিংখাং,3আগষ্ট: ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ আজি টিংখাঙৰ ৰাজগড়তো বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস উদযাপন কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ ভুৱা আখ্যা দি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

টিংখাঙত বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস

অন্য এক খবৰৰ বাবে:চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ

প্ৰাক্তন মন্ত্ৰী তথা টিংখাঙৰ প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডা, টিংখাং ব্লক কংগ্ৰেছৰ সভাপতি ৰমেশ চাংমাইৰ নেতৃত্বত যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আদিৰ বিষয়ববীয়াসকলৰ উপস্থিতিতিত ৰাজগড়ৰ ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থানৰ প্রাংগনৰ পৰা প্ৰতিবাদী সমদল উলিওৱা হয় ৷ প্ৰতিবাদকাৰীসকলে বিজেপিৰ প্ৰতিশ্ৰুতি দলিল দাহ কৰি উত্তাল কৰি তোলে ৰাজগড় তিনিআলিৰ ৰাজপথ ৷ প্ৰতিবাদকাৰীসকলে অখিল গগৈক মুক্তি দিয়ক, বিজেপি গ'বেক, বিজেপি হায়-হায়, ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.