ETV Bharat / city

পাণ খেতিৰে লাখ লাখ টকা উপাৰ্জন তিনিগৰাকী মহিলাৰ - হাঁহ কুকুৰা পালন

পাণ খেতিৰে স্বাৱলম্বী হৈছে মৰাণৰ তিনিগৰাকী উদ্যমী মহিলা ৷ এই পাণ খেতিৰ পৰা বৰ্তমান লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহিলা কেইগৰাকীয়ে ৷

Three women earn lakhs of rupees from betel leaf
পাণ খেতিৰে লাখ লাখ টকা উপাৰ্জন তিনিগৰাকী মহিলাৰ
author img

By

Published : Jul 14, 2021, 6:57 PM IST

মৰাণ, 14 জুলাই : ডিব্ৰুগড় জিলাৰ মৰাণৰ ২ নং দিখাৰি ৰূপালী আত্মসহায়ক গোটৰ সদস্যা সকলে দাঙি ধৰিছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন ৷ এই আত্মসহায়ক গোটটোৰ দীপিকা দিহিঙীয়া, ৰুনু গগৈ, লিলি গগৈ নামৰ সদস্যা কেইগৰাকীয়ে প্ৰায় দুবিঘা মাটিত ৰোপন কৰিছে প্ৰায় ৭০০ জোপা পাণ ৷ এই পান খেতিৰ পৰা তেওঁলোকে বছৰি লাভ কৰিছে ১ লাখ ৪০ হাজাৰ টকা ।‌ কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ জৈৱিক সাৰ প্ৰয়োগ কৰিয়েই উৎপাদন কৰিছে পাণ ৷

২০১৯ চনৰ পৰাই পাণ খেতি কৰি অহা এই উদ্যমী মহিলা কেইগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে বেংকৰ পৰা 1 লাখ টকা ঋণ লৈ প্ৰথমে এই পাণ খেতি আৰম্ভ কৰিছিল । বৰ্তমান পান খেতিসমূহ পৈণত হোৱাত প্ৰতি সপ্তাহতে বিক্ৰী কৰিব পৰা হৈছে ৷ উৎপাদিত পাণ বিক্ৰী কৰিয়েই বেংকৰ ঋণ পৰিশোধ কৰাৰ উপৰিও তিনিও গৰাকীয়ে নিজৰ পৰিয়ালো পোহ-পাল দিবলৈ সক্ষম হৈছে ।

পাণ খেতিৰে লাখ লাখ টকা উপাৰ্জন তিনিগৰাকী মহিলাৰ

এই পাণ খেতিৰে পৰিয়ালটো পোহ পাল দিয়াৰ উপৰিও স্বাৱলম্বী হৈ উঠিছে মৰাণৰ এই তিনিগৰাকী উদ্যমী মহিলা । যিটো সময়ত মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লৈ বহু মহিলাই ঋণ ঘূৰাব নোৱাৰি প্ৰতিবাদ কৰিব লগা হৈছে, তেনেসময়তে বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বীতাৰ এক নিৰ্দশন দেখুৱাইছে মৰাণৰ এই কেইগৰাকী মহিলাই ।

উল্লেখ্য যে, অতীজৰ পৰাই পাণ আৰু তামোলৰ অসমীয়া সমাজ জন জীৱনত আছে বিপুল চাহিদা ৷ পান তামোলেৰে অতিথি আপ্যায়ন কৰাই নহয়, গাঁৱলীয়া সমাজত অপৰাধ মুক্ত হোৱাৰ বাবে পান তামোলেৰেই ৰাইজক সেৱা জনোৱা এক পৰম্পৰা নীতি এতিয়াও চলি আছে ৷ সেয়ে পাণ-তামোল অসমীয়া সমাজৰ এক অপৰিহাৰ্য্য সামগ্ৰী । অকল সেয়াই নহয়, পাণ-তামোলে অকল ৰাজ্যতে নহয়, সমগ্ৰ বিশ্বতে বজাৰ দখল কৰিবলৈও সক্ষম হৈছে ।

বৰ্তমান বহু লোকে বিভিন্ন কৃষি কৰ্ম, মীন পালন, গাহৰি পালন, হাঁহ কুকুৰা পালন, বিভিন্ন উদ্যান শস্যৰ খেতি কৰি স্বাৱলম্বী হৈছে ৷ ঠিক একেদৰে এই তিনিগৰাকী উদ্যমী মহিলাই পাণৰ খেতি কৰি স্বাৱলম্বী হৈ উঠিছে । মহিলা কেইগৰাকীৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক-সৰুক্ষেত্ৰীত গঢ়ি উঠিছে পাট-মুগা শিল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.