ETV Bharat / city

আলফা(স্বা)ত যোগদানৰ প্ৰস্তুতি চলোৱা তিনি যুৱকক আটক

আলফা(স্বা)ত যোগদানৰ প্ৰস্তুতি চলোৱা তিনি যুৱক আটক ৷ সেনাই যুৱক তিনিজনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷

author img

By

Published : Dec 30, 2019, 11:53 AM IST

আলফা(স্বা)ত যোগদানৰ প্ৰস্তুতি
তিনি যুৱকক আটক

ডিব্ৰুগড়, 30 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ত যোগ দিয়াৰ চেষ্টা চলাইছে উজনি অসমৰ একাংশ যুৱকে ৷ পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনত যোগাযোগৰ প্ৰস্তুতি চলাই থকা তিনিচুকীয়া জিলাৰ পাঁচ কিশোৰ-যুৱক ইতিমধ্যে আটক হোৱাৰ পাছত ডিব্ৰুগড় জিলাতো একাংশ যুৱকে সংগঠনটোত যোগদান কৰাৰ বাবে আগবাঢ়ি অহাৰ তথ্য লাভ কৰা হৈছে ৷ এনে তিনিগৰাকী যুৱকক সেনাই নিৰ্দিষ্ট তথ্যৰ আধাৰত ডিব্ৰুগড় জিলাৰ নামৰূপৰ পৰা আটক কৰাৰ পাছত দেওবাৰে বিয়লি আৰক্ষীক গতাই দিয়ে ৷

তিনি যুৱকক আটক

উল্লেখ্য যে,হাওৰাঘাট বেলওগুৰিৰ যীশু বৰা,নাহৰকটীয়া গেঠুপথাৰৰ বিদ্যুৎ চাৰিঙীয়া নামৰ যুৱক দুজনক আলফাত যোগদান কৰাবৰ বাবে সাজু কৰি তুলিছিল ৰণ্টু সোণোৱাল নামৰ এগৰাকী আলফা সদস্যই ৷ খোৱাঙৰ ৰহমাৰীৰ এইগৰাকী যুৱকৰ পৰা সেনা আৰক্ষীয়ে উদ্ধাৰ কৰে গুলীসহ এটা পইন্ট ২২ পিষ্টলৰ লগতে আলফা স্বাধীনৰ পতাকা ৷ এই কথা সদৰী কৰিছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক জিৎ টিয়ে ৷

আৰু পঢ়ক : নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত মূলসুতিলৈ উগ্ৰপন্থীৰ বৃহৎ দল

Intro:আলফা স্বাধীনত যোগদানৰ প্ৰস্তুতি চলাওঁতেই আটক তিনি যুৱকঃ

“কা"বিৰোধী আন্দোলনৰ তীব্ৰতাৰ মাজতেই নিষিদ্ধ ঘোষিত আলফা স্বাধীনত যোগ দিয়াৰ ধূম উঠিছে উজনিৰ একাংশ যুৱকৰ ৷ পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনত যোগাযোগৰ প্ৰস্তুতি চলাই থকা তিনিচুকীয়া জিলাৰ পাঁচ কিশোৰ-যুৱক ইতিমধ্যে আটক হোৱাৰ পাছত এইবাৰ পোহৰলৈ আহিছে ডিব্ৰুগড় জিলাৰ একাংশ যুৱকে সংগঠনটোত যোগদান কৰাৰ বাবে আগবঢ়াৰ তথ্য ৷ এনে তিনিগৰাকী যুৱকক সেনাই নিৰ্দিষ্ট তথ্যৰ আধাৰত ডিব্ৰুগড় জিলাৰ নামৰূপৰ পৰা আটক কৰাৰ পাছত দেওবাৰে বিয়লি গতাই দিয়ে আৰক্ষীক ৷ উল্লেখ্য যে হাওৰাঘাট বেলওগুৰিৰ যীশু বৰা, নাহৰকটীয়া গেঠুপথাৰৰ বিদ্যুৎ চাৰিঙীয়া নামৰ যুৱক দুজনৰ আলফা গমনৰ পৰিকল্পনা ইতিমধ্যে সাজুু কৰিছিল ৰন্টু সোনোৱাল নামৰ এগৰাকী আলফা সদস্যই ৷ খোৱাঙৰ ৰহমাৰীৰ এইগৰাকী যুৱকৰ পৰা সেনা আৰক্ষীয়ে উদ্ধাৰ কৰে গুলীসহ এটা পইন্ট ২২ পিষ্টলৰ লগতে আলফা স্বাধীনৰ পতাকা ৷ এই কথা সদৰী কৰিছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক জিৎ টিয়ে ৷Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.