ডিব্ৰুগড়, 2 জুলাইঃ ডিব্ৰুগড় জিলাৰ মাইজানৰ নতুন গাঁৱত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজৰ মাজত ৷ ইতিমধ্যে বানত আৱদ্ধ হৈ পৰিছে 1500ৰ অধিক লোক ।
ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতি ৷ ইতিমধ্যে প্ৰায় এসপ্তাহ ধৰি নতুন গাঁৱৰ প্ৰায় 1500 অধিক লোক বানত আৱদ্ধ হৈ আছে ৷ বানত অঞ্চলটোৰ ঘৰ দুৱাৰ, কৃষি পথাৰৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি সাধন হয় ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বানাক্ৰান্ত লোক সকলে ৷
উল্লেখ্য যে, স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ সহযোগত জলসম্পদ বিভাগে উক্ত অঞ্চলটোৰ বাবে দিছিল তিনিটা পাম্প । কিন্তু দীৰ্ঘ দিনে বানত আৱদ্ধ লোক সকলৰ বাবে কোনো ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰে বানাক্ৰান্ত লোক সকল ৷ আনকি পানী সিঁচিবলৈ যোগান ধৰা চেল পাম্প কেইটা চলাবলৈও হেনো নাই তেল ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ ঘেৰাও কৰিলে জলসম্পদ বিভাগৰ মাইজানৰ বিয়াগোম "জলসম্পদ ভৱন"টো । তাৰোপৰি বানাক্ৰান্ত লোক সকলে স্থানীয় বিধায়কৰ লগতে জল সম্পদ বিভাগটোক অঞ্চলটোত সৃষ্টি হোৱা বানৰ পৰা ৰক্ষা কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ যদি অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা নকৰে তেনেহলে জংগী আন্দোলন গঢ়ি তুলিব বুলি বানাক্ৰান্ত লোক সকলে সকিয়াই দিয়ে ৷