ETV Bharat / city

প্ৰতিবাদৰ মাজতে পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ

author img

By

Published : Feb 2, 2020, 11:16 PM IST

দেওবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত নাগৰিকত্ব (সংশোধনী) আইন, 2019ক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ গণ হুংকাৰ শীৰ্ষক প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানেশ্ৰী বৰাই ৷ প্ৰতিবাদস্থলীৰ পৰাই পৰেশ বৰুৱাক বড়ো জাতিৰ পৰা শিক্ষা লৈ আলোচনালৈ আহিবলৈ আহ্বান শৃংখল চলিহাৰ ।

কা বিৰোধী প্ৰতিবাদৰ মাজতে পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ, protest against CAA at Tingkhong
পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ

টিংখাং, 2 ফেব্ৰুৱাৰীঃ টিংখাঙত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বাতিলৰ দাবীত অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত গণ হুংকাৰ কাৰ্যসূচীৰে প্ৰতিবাদ । টিংখাঙৰ কোঁৱৰী গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই গণ হুংকাৰ কাৰ্যসূচীত বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানেশ্ৰী বৰাই অংশগ্ৰহণ কৰি উদাত্ত কণ্ঠে চৰকাৰ আৰু জনপ্ৰতিনিধিক তীব্ৰ সমালোচনা কৰে ।

মুখ্যমন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান গৱেষক ছাত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যিখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ৰাজনীতিৰ অ-আ-ক-খ শিকিলে সেইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰাৰ পিচত সাহস আছে যদি মুখ্যমন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়খনত প্ৰৱেশ কৰি চাওঁক বুলি তীব্ৰ প্ৰত্যাহ্বান জনাই গৱেষক ছাত্ৰী জ্ঞানেশ্ৰী বৰাই ৷

পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ
আনহাতে কা"ৰ তীব্ৰ বিৰোধিতা কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত শেষ বিন্দু তেজ থকালৈকে আন্দোলন কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰা শৃংখল চলিহাই আলফাক বড়ো সকলৰ পৰা সংগ্ৰামৰ শিক্ষা লৈ অসমৰ অধিকাৰকসমূহ কাঢ়ি আনিবলৈ আহ্বান জনায় ৷

Intro:টিংখাঙত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত গণ হুংকাৰ । পৰেশ বৰুৱাক বড়ো জাতিৰ পৰা শিক্ষা লৈ আলোচনালৈ আহিবলৈ আহ্বান শৃংখল চলিহাৰ ।

Body:টিংখাং - টিংখাঙত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ গণ হুংকাৰ । টিংখাঙৰ কোঁৱৰী গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই গণ হুংকাৰ কাৰ্যসূচীত বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানেশ্ৰী বৰাই অংশগ্ৰহণ কৰি উদাত্ত কণ্ঠে চৰকাৰ আৰু জনপ্ৰতিনিধিক তীব্ৰ সমালোচনা কৰে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যিখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ৰাজনীতিৰ অ আ ক খ শিকিলে সেইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰি সাহস আছে যদি মুখ্যমন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয় খনত প্ৰৱেশ কৰি চাওঁক বুলি তীব্ৰ প্ৰত্যাহ্বান জনাই এগৰাকী সাধাৰণ ছাত্ৰীয়ে
Sot -1 জ্ঞানেশ্ৰী বৰা ।

Conclusion:আনহাতে কা"ৰ তীব্ৰ বিৰুধীতা কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত শেষ বিন্দু তেজ থকালৈকে আন্দোলন কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰা শৃংখল চলিহাই আলফাক বড়ো সকলৰ পৰা সংগ্ৰামৰ শিক্ষা লৈ অসমৰ অধিকা সমূহ কাঢ়ি আনিবলৈ আহ্বান জনায় -
Sot - শৃংখল চলিহা ।

টিংখাঙৰ পৰা দীপক গগৈ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.