ETV Bharat / city

মৰাণৰ ৰাঙলীত বিধ্বস্ত পথত আবদ্ধ ১০৮ - এম্বুলেঞ্চ

মৰাণত বিধ্বস্ত পথত আবদ্ধ হৈ পৰে এম্বুলেঞ্চ ৷ বিধ্বস্ত পথ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

Poor Road Condition At Moran
মৰাণৰ ৰাঙলীত বিধ্বস্ত পথত আবদ্ধ ১০৮
author img

By

Published : Jul 11, 2020, 6:17 PM IST

মৰাণ, ১১ জুলাইঃ ডিব্ৰুগড় জিলাৰ ৰাঙলী জৰিগুৰী গাঁৱৰ পথটোক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৷ বছৰ-বছৰ ধৰি উক্ত পথটো মেৰামতি নকৰাত এতিয়া যাতায়াতৰ বাবে এতিয়া জলাকলা খাবলগীয়া হৈছে পথচাৰীসকলে ৷

মৰাণৰ ৰাঙলীত বিধ্বস্ত পথত আবদ্ধ ১০৮

ৰাজ্যিক ৰাজহ আৰু গড়কাপ্তানী মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিতে গ্ৰামাঞ্চলৰ উন্নয়ণৰ নামত ৰাইজক চৰম প্ৰতাৰণা জনপ্ৰতিনিধিৰ ৷ চৰকাৰী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা মৰাণৰ ৰাঙলী জৰিগুৰী গাঁৱৰ এই পথটো এজাক বৰষুণতে যাতায়তৰ বাবে অনুপযোগী হৈ পৰে ৷ ফলত বাৰিষা অঞ্চলটোৰ ৰাইজে চৰম দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয় ৷ এই পথটোতে ৰোগী নিবলৈ আহি কেইবাঘন্টাও বোকাত আবদ্ধ হৈ পৰে এখন ১০৮ এম্বুলেঞ্চ ৷

উক্ত গাঁও খনৰ বিক্ৰম ধান নামৰ লোকজন নিউমনিয়া ৰোগত গুৰুতৰভাৱে অসুস্থ হৈ থকা খবৰ পোৱাৰ পাছতে ৰোগীজনক আনিবলৈ গৈছিল ১০৮ এম্বুলেঞ্চখন ৷ কিন্তু বিধ্বস্ত পথটোত বোকাত আবদ্ধ হৈ পৰে এম্বুলেঞ্চখন ৷ পিছত প্ৰায় দুঘন্টা সময়ৰ অন্তত স্থানীয় লোকৰ সহযোগত ১০৮ এম্বুলেঞ্চখনৰ কৰ্মচাৰী কেইজনে গাড়ীখন বোকাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ আৰু ৰোগীজনক বহু কষ্টৰ অন্তত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ভৰ্তি কৰে ৷

এই ঘটনাৰ পিছতেই ক্ষুদ্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিক বাৰম্বাৰ আবেদন-নিবেদন জনাই অহাৰ পিছতো বিধ্বস্ত পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক- মৰাপাগলাদিয়া নৈৰ মথাউৰি বান্ধিবলৈ ৰাইজৰ অপ্ৰাণ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.