ডিব্ৰুগড়, 11 জুলাই : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Assam Medical College Hospital Dibrugarh) ক'ভিডত আক্ৰান্ত হৈ পুনৰ এটি শিশুৰ মৃত্যু হয় । দেওবাৰে মৃত্যুক সাৱতে চাবুৱাৰ এটি 29 দিনীয়া নৱজাতকটোৱে । স্বাস্থ্য জনিত কাৰণত 9 জুলাইত অসম চিকিৎসা মহাবিদ্যালয়ত শিশুটিক ভৰ্তি কৰোৱা হৈছিল । শিশুটি ক'ভিডৰ লগতে হৃদৰোগতো আক্ৰান্ত আছিল বুলি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তৃপক্ষই জানিবলৈ দিছে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কেইবাটাও শিশু ক'ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । অৱশ্যে অসম চিকিৎসা মহাবিদ্যালয়ত শিশুৰ ক'ভিড আক্ৰান্তৰ দিশটো আৰু ক'ভিডৰ তৃতীয় ঢৌক লৈ যথেষ্ট সতৰ্কতা অৱলম্বন কৰা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে । ক'ভিড ৰোগী সকলক যাতে তৎকালিনভাৱে চিকিৎসা সেৱা আগঢ়াব তাৰ বাবে চিকিৎসালয়খনত চিকিৎসকৰ লগতে এটা স্বাস্থ্য কৰ্মীৰ দল সাজু কৰি ৰখাৰ কথাও চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ।
বিগত জানুৱাৰীৰ পৰা আজি পৰ্যন্ত অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ প্ৰায় 200 শিশু ভৰ্তি কৰোৱা হৈছে ৷ তাৰ ভিতৰত আজি মৃত্যু হোৱা শিশুটিক লৈ 6 জন শিশু ক'ভিডত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে বুলি হাস্পতাল কৰ্তৃপক্ষই সাংবাদিকৰ আগত সদৰি কৰিছে । ইতিমধ্যে শিশুৰ ক'ভিড চিকিৎসাৰ বাবে অত্যাধিক সুবিধাৰ ব্যৱস্থা গ্ৰহণৰ দিহা কৰি নতুন যন্ত্ৰপাতি মজুত কৰা হৈছে বুলিও চিকিৎসালয় কৰ্ত্তৃপক্ষই জানিবলৈ দিছে।
ইফালে কভিডত আক্ৰান্ত হৈ এতিয়াও চিকিৎসা মহাবিদ্যালয় খনত 369 গৰাকী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে ভিতৰত 154 গৰাকী আইচলেইছন ৱাৰ্ডত অক্সিজেন লৈ আছে । ইফালে 149 গৰাকী লোকে আইচলেইছন ৱাৰ্ডত অক্সিজেনৰ অবিহনে চিকিৎসাধীন অৱস্থাত আছে আৰু 66গৰাকী আই চি ইউত (ICU) আছে ৷ 29 গৰাকী ভেন্টিলেটৰত চিকিৎসাধীন হৈ আছে বুলি হাস্পতাল কৰ্তৃপক্ষই সদৰি কৰে ।
লগতে পঢ়ক-মহানগৰীত জোঁৱায়েকৰ কামনাৰ বলি হ'ল শাহুৱেক