নাহৰকটীয়া, 20 আগষ্ট : চৰকাৰে অনুসৰণ কৰা ধনিক শ্ৰেণীৰ স্বাৰ্থবাহী আৰু জনবিৰোধী অৰ্থনীতিৰ ফলস্বৰূপে দেশত অৰ্থনৈতিক সংকট ক্ৰমান্বয়ে গভীৰ হ'বলৈ ধৰিছে ৷ কোভিড ১৯ ৰোগৰ সংক্ৰমণ আৰু তাৰ মেকাবিলা কৰাৰ নামত চৰকাৰে অপৰিকল্পিতভাৱে লকডাউন কৰাৰ ফলত অৰ্থনীতিৰ অৱস্থা আৰু অধিক শোচনীয় হ'ল ৷
যাৰ পৰিপ্ৰেক্ষিতত বিশেষভাৱে ক্ষতিগ্ৰস্থ হৈছে শ্ৰমিক,কৃষক,সৰু-সুৰা ব্যৱসায়ী আৰু সেৱাখণ্ডৰ সৈতে জড়িত কোটি কোটি লোক ৷ এনে অৱস্থাত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ স্বাৰ্থত সাধাৰণ মানুহক সকাহ দিয়াৰ সলনি তেওঁলোকৰ ওপৰত মূল্যবৃদ্ধি,কৰবৃদ্ধি আদিৰ জৰিয়তে নতুন নতুন বোজা জাপি দিছে ৷
এনে পৰিস্থিতিত জনসাধাৰণৰ জীৱন জীৱিকাৰ জৰুৰী দাবীসমূহক লৈ চি পি আই (এম)য়ে সমগ্ৰ দেশতে চলিত মাহৰ বিশ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে প্ৰতিবাদ সপ্তাহ পালনৰ আহ্বান জনাইছে ৷ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰটো ২০ টাকৈ দাবীৰে চি পি আই (এম) ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰে পৰা গণতান্ত্ৰিক প্ৰতিবাদী সমাবেশৰ আয়োজন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷