নাহৰকটীয়া, 14 জুন : কোভিড-19ৰ নীতি নিয়ম উলংঘা কৰি নাহৰকটীয়াৰ তৃপ্তি ভোজনালয়ত গোন্ধোৱা খাদ্য আপ্যায়নৰ অভিযোগ উত্থাপিত হৈছে ৷ নাহৰকটীয়াৰ জয়পুৰ তিনিআলিস্থিত তৃপ্তি ভোজনালয়ত গোন্ধাই যোৱা খাদ্য প্ৰদান কৰা বুলি উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ স্থানীয় এজন ব্যৱসায়ীয়ে এই হোটেলখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যাওঁতে তেওঁক আপ্যায়ন কৰা হয় গোন্ধাই যোৱা ভাত ৷ হোটেলৰ মালিক জীতেন্দৰ সিঙে পূৰ্বতেও এবাৰ গোন্ধ ওলোৱা খাদ্য আপ্য়ায়ন কৰিছিল উক্ত ব্যক্তিজনক ৷
প্ৰতিদিনে তৃপ্তি ভোজনালয়তে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা ব্যৱসায়ীজনে এনেবোৰ বিষয়ত গুৰুত্ব দিবলৈ সকিয়াই দিয়াৰ পিছতো আজি পুনৰ গোন্ধাই যোৱা খাদ্য দিয়াত ক্ষুদ্ধ হৈ পৰে গ্ৰাহকজন ৷ ইফালে গোন্ধোৱা ভাত দিয়াৰ এই অভিযোগ মালিক জীতেন্দৰ সিঙে অস্বীকাৰ কৰে যদিও ৰাতিপুৱাতে বনোৱা ভাত গ্ৰাহক জনক দিয়াৰ কথা কেমেৰাৰ সন্মুখত দোহাৰে মালিক জীতেন্দৰ সিঙে ৷
লগতে পঢ়কঃ কেনে অৱস্থাত আছে বাঘজান আশ্ৰয় শিৱিৰৰ লোকসকল, এক প্ৰতিবেদন