ETV Bharat / city

National level football competition : মন্ত্ৰী পীযুষ হাজৰিকাই উদ্বোধন কৰিলে ফুটবল প্ৰতিযোগিতা

author img

By

Published : Dec 18, 2021, 11:50 AM IST

দেশৰ কেইবাটাও আগশাৰীৰ ফুটবল দলৰ অংশগ্ৰহণৰে শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হয় মটক ৰজা সৰ্বানন্দ সিংহ সোঁৱৰণী আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা (Matak King Sarbananda Singha memorial football tournament) । এই খেলখনি উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

minister-pijush-hazarika-inaugurated-national-football-competition-at-dibrugarh
মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

মৰাণ, 18 ডিচেম্বৰ : ডিব্ৰুগড়ত চলিছে ফুটবলৰ মহাৰণ ৷ শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা-নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা (Matak King Sarbananda Singha memorial football tournament) ৷ এই আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা (National level football competition in Dibrugarh) খনত দেশৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে ৷

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি উদ্বোধন কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika inaugurated football tournament) । মন্ত্ৰী হাজৰিকাই ক্ৰীড়াৰ পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ লগতে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখনি সুকলমে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দহ লাখ টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে ।

ইতিমধ্যে সৰ্বভাৰতীয় ফুটবল সন্থাৰ অনুমোদনত, অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাৰ প্ৰথম খেলখন নৰ্থ ইষ্ট ইউনাইটেড (North East United FC) আৰু ৰাজস্থান ইউনাইটেডৰ মাজত অনুষ্ঠিত হয় ৷ কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে এই উদ্বোধনী অনুষ্ঠানত ।

উল্লেখ্য যে, দেশৰ লগতে ৰাজ্য আগশাৰীৰ ১৪ টা দলে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ফুটবল খেলখনিৰ সামৰণি পৰিব ২৭ ডিচেম্বৰত ।

লগতে পঢ়ক : মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.