ETV Bharat / city

চৰাইদেউৰ ডিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মুকলি - কামাখ্যা প্ৰসাদ তাছা

শনিবাৰে ৰাজহ মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিলে চৰাইদেউৰ ডিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হ'ব চিকিৎসালয়খন ৷

Minister Jogen Mohan inaugurated Deepling Hospital of Charaideo
চৰাইদেউৰ ডিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মুকলি মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Jul 4, 2021, 12:38 PM IST

মৰাণ,4 জুলাই : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মাহমৰাৰ ডিপ্লিং চাহ বাগিচাত স্থাপন কৰা ডিপ্লিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহটো শনিবাৰে উদ্বোধন কৰা হয় । চিকিৎসালয়খন উদ্বোধন কৰে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷ উক্ত চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

কৰ'ণা মহামাৰী প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নতুনকৈ চিকিৎসালয় স্থাপন কৰিছে ৷ সমান্তৰালকৈ স্থাপন কৰা হৈছে ডিপ্লিং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ নৱনিৰ্মিত ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহ ৷ এই চিকিৎসালয়খন ক'ভিড ৰোগীৰ চিকিৎসাত সহায়ক হোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে বুলি সদৰী কৰে মন্ত্ৰী যোগেন মহনে । উক্ত অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে, মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাকতিবাৰী তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলক সামৰি এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক আহ্বান জনাই আহিছিল ৷

চৰাইদেউৰ ডিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মুকলি মন্ত্ৰী যোগেন মহনৰ

ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ২০১৯ চনৰ ৬ অক্টোবৰত আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাত থকা চিকিৎসালয়খনৰ আন্তঃগাঁথনি দুৰ্বল হোৱাৰ পৰিপ্ৰেক্ষিতত বাগিচাখনৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ জনসাধাৰণে সাধাৰণ অসুখ হ'লেও সোণাৰি বা মৰাণলৈ যাবলগীয়া হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । চৰকাৰে উক্ত চিকিৎসালয়খন স্থাপন কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- মুকলি হ'ল ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাতকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.