ETV Bharat / city

Momai Tamuli Barbarua Award: মন্ত্ৰী যোগেন মহনক প্ৰদান মোমাই তামুলী বৰবৰুৱা বঁটা - Momai Tamuli Barbarua Award

2022 চনৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰা হয় ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহনক (Minister Jogen Mohan awarded Momai Tamuli Barbarua Award) ৷ টাই আহোম য়ুথ ফ'ৰাম অসমৰ উদ্যোগত চৰাইদেউ জিলা সমিতি আৰু সোণাৰিবাসীৰ সহযোগত বুধবাৰে সোণাৰিত অনুষ্ঠিত ‘ৰিক্-খন-ম্যুং-খন’ অনুষ্ঠানত মন্ত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয় ।

Minister Jogen Mohan conferred with Momai Tamuli Barbarua Award by Tai Ahom Youth Forum at Sonari
মন্ত্ৰী যোগেন মহনক মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান
author img

By

Published : Jul 14, 2022, 12:53 PM IST

মৰাণ, 14 জুলাই: 2022 চনৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰা হয় ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহনক (Minister Jogen Mohan awarded Momai Tamuli Barbarua Award) ৷ টাই আহোম য়ুথ ফ'ৰাম (Tai Ahom Youth Forum) অসমৰ উদ্যোগত চৰাইদেউ জিলা সমিতি আৰু সোণাৰিবাসীৰ সহযোগত বুধবাৰে সোণাৰিত অনুষ্ঠিত ‘ৰিক্-খন-ম্যুং-খন’ অনুষ্ঠানত মন্ত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয় ।

টাই আহোম সকলৰ ধৰ্মীয় পৰম্পৰাগত অনুষ্ঠান'ৰিক্-খন-ম্যুং-খন’ অনুষ্ঠানত চৰাইদেউ জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা লগতে তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ৰত্নগোপাল গগৈয়ে ৰিকখনমুঙখন উপলক্ষে অভিজিৎ ভূঞাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰে ।

মন্ত্ৰী যোগেন মহনক মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান

লগতে সোণাৰিৰ মধ্য পাৰ্বতিপুৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানত টাই আহোম পুৰোহিত সকলে টাই পৰম্পৰা অনুসৰি নিশালৈ ‘ৰিক্-খন-ম্যুং-খন’ অনুষ্ঠিত কৰে । আনহাতে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ (Nagaland University) প্ৰাক্তন উপাচাৰ্য্য ড৹ বলিন কোঁৱৰ মুখ্য অতিথি হিচাপে এই অনুষ্ঠানটোত উপস্থিত থাকে ৷

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ (MLA Dharmeswar Konwar) লগতে বহু কেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰ, অৱসৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বম্বেশ্বৰ বৰুৱা, জ্যেষ্ঠ অধিবক্তা ডম্বৰু ৰাজকোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক শিৱপ্ৰসাদ বড়া, প্ৰকৃতিপ্ৰেমী অনুপ মহন, বিশিষ্ট সমাজকৰ্মী ৰানাপ্ৰতাপ সিংহ, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, যুৱ নেতা তথা উদ্যমী নৱজিৎ কোঁৱৰক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: Deprivation of Salary of Employee: 18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.