ETV Bharat / city

ডিব্ৰুগড়ৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘলৰ

author img

By

Published : Jun 14, 2021, 5:16 PM IST

ডিব্ৰুগড়ত কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প(solid waste management) পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘলে ৷ প্ৰকল্পটো পৰিদৰ্শন কৰি সন্তষ্টি প্ৰকাশ মন্ত্ৰীগৰাকীৰ ৷ প্ৰকল্পটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বুলি জানিব দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷

Ministar Ashok Singhal visit at Solid waste management project
ডিব্ৰুগড়ৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘলৰ

ডিব্ৰুগড়, 14 জুন : অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জনসিঞ্চন মন্ত্ৰী অশোক সিংঘলে ডিব্ৰুগড়ৰ লেকাইত নিৰ্মাণ হৈ থকা কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প(solid waste management)টো পৰিদৰ্শন কৰে ৷ লেকাইৰ 210 বিঘা এলেকাত 2015 চনতে আৰম্ভ কৰা প্ৰকল্পটো পৰ্যবেক্ষণ কৰি সন্তুষ্টি প্ৰকাশ কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ নিৰ্মীয়মান প্ৰকল্পটোত দেশৰ আন আন চহৰৰ দৰে কেইবাটাও মূল্যবান বায়'প্ৰডাক্ট মেনিঅ’ৰ, ডিজেল, পকীপথ নিৰ্মাণত ব্যৱহৃত গ্ৰেনোল প্ৰকল্পটোত উৎপাদন হ’ব বুলি জানিব পৰা গৈছে ৷

এই প্ৰকল্পটোত পেলনীয়া সামগ্ৰীক শক্তিলৈ ৰূপান্তৰিত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ জাৱৰৰ পৰা শক্তি উৎপাদন কৰি মানৱ সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা প্ৰকল্পটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বুলি জানিব দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ উজনি অসমৰ আটাইতকৈ ডাঙৰ চহৰ ডিব্ৰুগড়ত জাৱৰ পেলোৱাৰ বাবে কোনো ধৰণৰ বিশেষ স্থান নথকাত ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ কাষতে বছৰ বছৰ ধৰি চহৰৰ আৱৰ্জনা সমূহ পেলাই অহা হৈছিল ৷

প্ৰকল্পটোৰ কাম শেষ হলে ডিব্ৰুগড়বাসীৰ এটা বহুদিনীয়া সমস্যাৰ সমাধান হোৱাৰ লগতে দাঁতি কাষৰীয়া চহৰ কেইখনৰো সমস্যা সমাধান হ’ব বুলি জানিব পৰা গৈছে ৷ প্ৰকল্পটোৰ দ্বাৰা দাঁতি কাষৰীয়া চহৰৰ সমস্যা সমাধান হ’ব বুলি প্ৰকল্পটোক লগত জড়়িত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই মন্তব্য কৰে ৷

সোমবাৰৰ ভ্ৰমণ কালত মন্ত্ৰী অশোক সিংঘালৰ লগত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱগোপাল ঝাৰ লগতে অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : অৰুণাচলত ব্ৰাউন চুগাৰসহ প্ৰাক্তন আলফা সদস্য গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.