ETV Bharat / city

Assam Arunachal Border Dispute : চৰাইদেউত অসম-অৰুণাচলৰ সীমা সমস্যা সন্দৰ্ভত বৈঠক

author img

By

Published : Oct 11, 2022, 9:18 PM IST

মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰিত অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক আৰম্ভ হয় (Meeting between Ministers of Assam and Arunachal) । বৈঠকত অসম চৰকাৰ আৰু বৰপেটাৰ ভালেকেইজন মন্ত্ৰী উপস্থিত থাকে ৷

meeting-between-ministers-of-assam-and-arunachal-at-sonari-in-dibrugarh
চৰাইদেউৰ সোণাৰিত দুই ৰাজ্যৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়, 11 অক্টোবৰ: সম্প্ৰতি তুংগত আছে চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে অসমৰ সীমা সমস্যা (Assam Arunachal Border Dispute) ৷ ইয়াকে লৈ প্ৰত্যেকদিনাই চলে বাদ-বিবাদ ৷ অসমৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে তৎপৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰিত অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক আৰম্ভ হয় (Meeting between Ministers of Assam and Arunachal) ।

চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক । বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বৰা (Minister Bimal Borah) , যোগেন মহন (Minister Jogen Mohan), সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ।

বৈঠকত অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সৈতে অসমৰ চৰাইদেউ জিলাৰ সীমামূৰীয়া গাঁও ক্ৰমে, হাছে ৰুছা, টাংলাম ৰুছা আৰু কামকোহ ৰুছা গাঁওৰ সমস্যা সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয় । উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিগত ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ ছেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল ।

এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই এই আলোচনাত দুইখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলে নিজৰ পৰ্যালোচনা সমূহ দাঙি ধৰিছে বুলি কয় ৷ লগতে আলোচনা কৰা সকলো কথা চৰকাৰৰ আগত অৱগত কৰাৰ পিছতেই চৰকাৰে সকলো সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ চৰকাৰে গঠন কৰি দিয়া সমিতিয়ে দুই ৰাজ্যৰ সীমা অঞ্চলৰ ৰাইজৰ মতামত অতি সোনকালেই চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি জানিবলৈ দিলে মন্ত্ৰী বিমল বৰাই ।

চৰকাৰে গঠন কৰি দিয়া সমিতিয়ে দুই ৰাজ্যৰ সীমা অঞ্চলৰ ৰাইজৰ মতামত অতি সোনকালেই চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি জানিবলৈ দিলে মন্ত্ৰী বিমল বৰাই । উল্লেখ্য যে, বিগত এপ্ৰিল মাহত অসম-অৰুণাচলৰ সীমা সমস্যা (Border dispute between Assam and Arunachal) সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী এখন বৈঠকত মিলিত হৈছে । এই বৈঠকখন গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছিল ।

অসম চৰকাৰে প্ৰদান কৰা তথ্য মতে, অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলে দখল কৰি ৰাখিছে । ইয়াৰে শোণিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথত ৪৭৫১ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড়ত ১০ হেক্টৰ আৰু চৰাইদেউত ৬০২.০১ হেক্টৰ অসমৰ ভূমি অৰুণাচলৰ দখলত আছে ।

লগতে পঢ়ক: National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.