মৰাণ, 11 ফেব্ৰুৱাৰীঃ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাউতনী গাঁৱৰ হৰেন ফুকনৰ পত্নী কল্পনা ফুকন (৫০) ক আক্ৰমণ নাহৰফুটুকীৰ ৷ খৰি বুটলি থকা সময়তেই এটা নাহৰফুটুকীয়ে আক্ৰমণ চলায় মহিলাগৰাকীক ৷
ঘৰৰ ওচৰৰে দুহটীয়া দলঙৰ সমীপত হৰেন ফুকন আৰু তেওঁৰ পত্নী কল্পনা ফুকনে আন দিনাৰ দৰে শনিবাৰে দিনৰ প্ৰায় 10 বজাত খৰি বুটলিবলৈ গৈছিল । খৰি বুটলি থাকোতেই নাহৰফুটুকীটোৱে কল্পনা ফুকনক আক্ৰমণ চলায় নাহৰফুটুকীয়ে ৷ আক্ৰমণত কপালত আৰু ভৰিৰ কলাফুলত আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী ৷ মহিলাগৰাকীক প্ৰথমে তিলৈ হাস্পতাললৈ নিয়া হয় যদিও পিচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰাই উক্ত অঞ্চলত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰা খবৰ স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰি আহিছে যদিও বন বিভাগে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে অৱশেষত এনে ঘটনা সংঘটিত হ’ব পাইছে বুলি উল্লেখ কৰে ৷ এতিয়া স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰাৰ লগতে দৰিদ্ৰ মহিলাগৰাকীক সাহায্য প্ৰদান কৰক চৰকাৰে ৷