ডিব্ৰুগড়, 8 ছেপ্তেম্বৰ : পৰিবহনৰ ক্ষেত্ৰত এক যোগাত্মক দিশ ৷ কেৱল যান-বাহনেই নহয়, অচিৰেই ৰাষ্ট্ৰীয় ঘাইপথত দেখা যাব যুঁজাৰু বিমান ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ নীতি ৷ যি নীতিৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথসমূহ উন্নিতকৰণ কৰি অচিৰেই এই পৰিবহন ব্যৱস্থা কাৰ্যকৰী তোলা হ’ব ৷
কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা অনুসৰি, ঝাৰখণ্ডৰ জামছেদপুৰ-বালাসুৰ, বিহাৰৰ কিষাণগঞ্জ-ইছলামপুৰ, দিল্লী-মোৰাদাবাদ, উত্তৰাখণ্ডৰ ৰামপুৰ-কাঠগুদাম আদি একাধিক পথৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ মোহনবাৰী-তিনিচুকীয়া সংযোগী ঘাইপথটো জৰুৰীকালীন সময়ত ৰানৱে হিচাপে উন্নীতকৰণৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ আনকি এই ঘাইপথচোৱাৰ বাবে ইতিমধ্যে গৃহীত হৈছে ধনৰাশিও । সেই মৰ্মে ফাইটাৰ জেটৰ উৰণ-অৱতৰণৰ উপযোগীকৈ এই পথছোৱা শীঘ্ৰে নিৰ্মাণ কৰা হ’ব ।
![fighter planes will be on national highways of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13000718_dibvujg.jpg)
লগতে পঢ়ক: উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পুনৰ যাত্ৰীবাহী বিশেষ ৰেল সেৱা আৰম্ভ
কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে কেৱল তীব্ৰবেগী বাহনেই নহয় ডিব্ৰুগড়ৰ তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা যাব ৰাফেল, সুখই, মিগ, জেগুৱা আদিৰ দৰে যুঁজাৰু বিমান ।
ডিব্ৰুগড়ৰ ৰাজপথতে অৱতৰণ কৰাৰ লগতে উৰা মাৰিব পাৰিব যুদ্ধবিমানসমূহে ৷ মোহনবাৰী-তিনিচুকীয়া সংযোগী ঘাইপথ ফাইটাৰ জেটৰ অৱতৰণৰ উপযোগীকৈ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব । ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত দিশৰ পৰা অত্যন্ত স্পর্শকাতৰ হিচাপে বিবেচনা কৰি অসমত অত্যাধুনিক বহু ব্যৱহাৰযোগ্য ৰাজপথলৈ ৰূপান্তৰিত কৰিবলৈ ইতিমধ্যে কেন্দ্ৰই লৈছে এই সিদ্ধান্ত ।
লগতে পঢ়ক: ভূপেন হাজৰিকাৰ কুঠৰীৰ ঘৰখনেৰে বিশেষ সম্পৰ্ক থকা এজন ব্যক্তি...
অৱশ্যে অত্যাধুনিক ৰাস্তাত বন্ধ নহয় যান-বাহনৰ চলাচলো । ইতিমধ্যে অভিলাষী প্ৰকল্পৰ আধাৰত ৰাজস্থানত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে এটা বহু ব্যৱহাৰযোগ্য পথ । কিছুদিনৰ ভিতৰতে এই পথটো উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷
![fighter planes will be on national highways of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13000718_dib.jpg)
বিভাগীয় সূত্ৰ অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে তেওঁ ৰাজপথত নামিবলগীয়া যুদ্ধবিমানত আসন গ্ৰহণ কৰিব । উল্লেখ যে, বৰ্তমান কেন্দ্ৰই বিচ্ছিন্নতাবাদ অধ্যুষিত অঞ্চলসমূহত বহু ব্যৱহাৰযোগ্য ঘাইপথ নিৰ্মাণত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷
লগতে পঢ়ক: বিশ্ব ফিজিঅ’থেৰাপি দিৱস 2021: কৰ’ণা ৰোগীৰ বাবে ফলপ্ৰসু ফিজিঅ’থেৰাপি