ETV Bharat / city

Farmers busy at paddy field in Moran: মৰাণৰ পথাৰত ন-ভূঁ‌ই ৰোৱাৰ আনন্দ - বোকা পথাৰত কৃষকৰ ব্যস্ততা

আঘোণত সোণগুটি চপাবলৈ এতিয়া পথাৰত ব্যস্ত এতিয়া কৃষক । পথাৰত বোকা-পানীৰে লুতুৰি-পুতুৰি কৃষক-ৰোৱনী ৷ ৰ'দ-বৰষুণ নেওচি নাচি-বাগি গীত গাই কঠীয়া ৰোৱাত ব্যস্ত এওঁলোক (Na Bhui festival in Assam) ৷

farmers-busy-working-at-paddy-field-in-moran
মৰাণৰ পথাৰত ন-ভূঁ‌ই ৰোৱাৰ আনন্দ
author img

By

Published : Jul 11, 2022, 5:21 PM IST

মৰাণ, 11 জুলাই : এতিয়া খেতিৰ বতৰ । বোকা পথাৰত কৃষকৰ ব্যস্ততা । বোকাময় পথাৰত সপোন ৰচিছে চহা কৃষকে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ন-ভূঁ‌ই ৰোৱাৰ আনন্দ । ধৰাৰ উজ্জীৱিত বুকুত পথাৰ সেউজীয়া কৰাৰ মানসেৰে কৃষক ৰাইজ নামি পৰিছে খেতি পথাৰত । এই দৃশ্য হৈছে মৰাণৰ । মৰাণৰ খোৱাং বাঁ‌হনি পথাৰত এতিয়া ভূঁ‌ই ৰোৱাত ব্যস্ত জাক জাক ৰোৱনী(Na Bhui festival in Assam) ।

মৰাণৰ পথাৰত ন-ভূঁ‌ই ৰোৱাৰ আনন্দ

সমান্তৰালকৈ পুৰুষসকলৰ কোনোৱে যদি গৰুৰে হাল বাইছে, আন কোনোবাই আকৌ কোৰ-টেক্টৰ লৈ নামি পৰিছে দ-পথাৰত । মুঠতে কৃষিজীৱি পৰিয়ালৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো ব্যস্ত হৈ পৰিছ এতিয়া খেতিপথাৰত । কাৰণ আঘোণত যে চপাব লাগিব সোণগুটি । সেয়ে প্ৰখৰ ৰ'দকো নেওচি পথাৰত নামিছে খেতিয়ক-ৰোৱনী । পথাৰত পৰম্পৰাগত ৰীতি-নীতিৰে ৰোৱনীয়ে ৰোপন কৰিছে সোণগুটিৰ কঠিয়া ।

ৰোৱনীসকলে মুখত এমোকোৰা হাঁহি লৈ আনন্দতে জুৰিছে গীত । মুঠৰ ওপৰত খোৱাঙৰ পথাৰত এতিয়া ন-ভূঁই ৰোৱাৰ আনন্দত মতলীয়া কৃষিজীৱী ৰাইজ । এই সময়চোৱা গাঁৱৰ খেতিয়কজনৰ বাবে সাংঘাতিক ব্যস্ততাৰে ভৰা সময় । গোহাঁলিৰ বলধহাল লৈ দোকমোকালিতে পথাৰলৈ বুলি ওলাই যোৱা খেতিয়কজন ঘৰমুৱা হয় একেবাৰে বেলি লহিওৱাৰ পৰত । প্ৰতিডৰা মাটি চহোৱাৰ পৰা আৰম্ভ কৰি মৈয়াই ৰোৱনীয়ে ৰুব পৰাকৈ উপযুক্ত কৰি তোলা লৈকে কিমান যে কাম ।

লগতে পঢ়ক : Assam CM to visit Hojai: হোজাইৰ বানৰ পৰিস্থিতি বুজ ল’বলৈ যাব মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.