ETV Bharat / city

ছয় জনজাতিক জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ - ডিব্ৰুগড় লাহোৱাল

ডিব্ৰুগড় লাহোৱালৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, আৰু অৰ্জুন মুণ্ডাৰ প্ৰতিমূৰ্তি ৷

_Effigy of Narendra Modi
ডিব্ৰুগড়ত ছয় জনজাতিক জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ দাবীত প্ৰতিবাদ
author img

By

Published : Aug 13, 2021, 10:25 PM IST

মৰাণ,13 জুলাই : পুনৰ জনজাতিকৰণৰ পৰা বঞ্চিত হ'ল অসমৰ ছয় জনজাতি । কেন্দ্রীয় চৰকাৰৰ বঞ্চনাৰ বলি হ'ল মটক, মৰাণ, টাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী । প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য । ডিব্ৰুগড়ৰ লাহোৱালত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তীব্ৰ প্ৰতিবাদ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ।

ডিব্ৰুগড়ত ছয় জনজাতিক জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ দাবীত প্ৰতিবাদ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় জনজাতি মন্ত্ৰী অজুন মুণ্ডাৰ প্ৰতিমূৰ্তি দাহ । উল্লেখ্য যে, শেহতীয়াকৈ অৰুণাচলকে ধৰি কেইবাখনো ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণ কৰাত এইদৰে গৰজি উঠিছে ৰাজ্যৰ ছয় জনগোষ্ঠী ।

প্ৰধানকৈ মটক জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ নকৰাৰ বাবেই ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় এঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মটক যুৱ ছাত্ৰ সন্মিলনে বিভিন্ন চৰকাৰ বিৰোধী কাৰ্যৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়কঃ পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি আইনৰ কাষ চাপিল নিপা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.