ETV Bharat / city

Drama workshop: টিংখাঙত সামৰণি পৰিল নাট কৰ্মশলা - টিংখাঙত সামৰণি পৰিল নাট কৰ্মশলা

ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ বৃহস্পতিবাৰে সফলভাৱে সামৰণি পৰে (Drama workshop closing ceremony at Tingkhong) ৷ টিংখাং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান ৷

Drama workshop closing ceremony at Tingkhong in Dibrugarh
সামৰণি পৰিল টিংখাঙত নাট কৰ্মশলা
author img

By

Published : Jul 29, 2022, 1:56 PM IST

ডিব্ৰুগড়, 29 জুলাই: ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ বৃহস্পতিবাৰে সফলভাৱে সামৰণি পৰে (Drama workshop closing ceremony at Tingkhong) ৷ ডিব্ৰুগড় জিলা নাট্য সন্মিলনৰ সৌজন্যত তথা টিংখাং শাখা নাট্য সন্মিলনৰ উদ্যোগত আয়োজন কৰা পষেকজোৰা নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি টিংখাং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় (Drama workshop at Tingkhong) ৷

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা "কেতেকী" আৰু "প্ৰলয়" নামৰ দুখন শিশুনাটৰ লগতে টিংখাং শাখা নাট্য সন্মিলনৰ দ্বাৰা "বন্দীত্ব" নামৰ এখন পূৰ্ণাংগ নাটক মঞ্চস্থ কৰা হয় । তিনিওখন নাটকৰে কলা-কুশলীসকলৰ সাৱলীল অভিনয়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ।

সামৰণি পৰিল টিংখাঙত নাট কৰ্মশলা

উল্লেখযোগ্য যে বিশিষ্ট নাট পৰিচালক ললিত খনিকৰৰ তত্বাৱধানত অনুষ্ঠিত হোৱা নাট কৰ্মশালাখনিত অঞ্চলটোৰ অৰ্ধ-শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ মাজত একোখনকৈ মানপত্ৰ বিতৰণ কৰা হয় ৷ সামৰণি অনুষ্ঠানত অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ সভাপতি টুটু বৰুৱা, অসম নাট্য সন্মিলন ডিব্ৰুগড়ৰ জিলা সভাপতি ড৹ বসন্ত খনিকৰ, জিলা সম্পাদক সুনীল দত্ত, বিশিষ্ট অভিনেতা তথা নাট পৰিচালক ললিত খনিকৰ, ঋতুপৰ্ণ ফুকনৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

বৃহত্তৰ টিংখাং অঞ্চলৰ নাট্য প্ৰতিভাসমূহ জাগ্ৰত কৰি এক নাট্য আন্দোলন গঢ় দিয়াৰ উদ্দেশ্যেৰে গঠিত হোৱা টিংখাং শাখা নাট্য সন্মিলনে ভৱিষ্যত দিনতো সাংস্কৃতিক উত্তৰণৰ দিশত কাম কৰি যোৱাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে সন্মিলনৰ বিষয়ববীয়া সকলে ।

লগতে পঢ়ক: Rashtrapatni Remark Row: কংগ্ৰেছী সাংসদ অধীৰ চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.