ETV Bharat / city

ডিব্ৰুগড় আৰক্ষীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ - Assam Medical College

আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস(International Anti Drug Day) । এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী । সমান্তৰালভাৱে ডিব্ৰুগড়তো আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীয়ে দাহন কৰিলে ভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Drug burning seized by Dibrugarh police) ।

Dibrugarh police burnt drugs and other narcotic items
ডিব্ৰুগড় আৰক্ষীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ
author img

By

Published : Jun 26, 2022, 8:59 PM IST

মৰাণ, 26 জুন: আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস (International Anti Drug Day) ৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ত আয়োজন কৰা হৈছে বিশেষ বিশেষ কাৰ্যসূচী । সমান্তৰালভাৱে ডিব্ৰুগড়তো আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীয়ে দাহন কৰিলে ভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Drug burning seized by Dibrugarh police) ।

দেওবাৰে ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত অসম চিকিৎসা মহবিদ্যালয়ৰ (Assam Medical College) জৈৱ চিকিৎসা ৱেব নিষ্কাশন ইনচুলেটৰ BMW ত হেৰ’ইন, ব্ৰাউন চুগাৰ, গাঞ্জাৰ লগতে নিচাজাতীয় টেবলেট সমূহ জ্বলাই নষ্ট কৰি দিয়ে (Dibrugarh police burnt drugs and other narcotic items) ৷ ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনৰ প্ৰায় ৩৮ টা ঠাইত জব্দ কৰা এই নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীখিনি জিলাখনৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ (IPS officer Shwetank Mishra) উপস্থিতিত দাহন কৰা হয় ৷

ডিব্ৰুগড় আৰক্ষীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ

আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ৰাইজক ড্ৰাগছ সম্বন্ধে সজাগ হ'বলৈ আহ্বান জনোৱাৰ লগতে অনাগত দিনতো ড্ৰাগছ-গাঞ্জা আদি নিষিদ্ধ ব্যৱসায় বন্ধ কৰাৰ অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

উল্লেখ্য যে, 1987 চনৰ 7 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ ৰোধ কৰিবৰ বাবে ঘোষণা কৰিছিল এই বিশেষ দিনটো পালনৰ কথা ৷ সেই তেতিয়াৰ পৰাই ১৯৮৯ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস ৷

লগতে পঢ়ক: নগাঁৱত আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.