ডিব্ৰুগড়, 25 এপ্ৰিলঃ বুধবাৰে ডিব্ৰুগড়ৰ মোহনবাৰীত এখন নৱ নিৰ্মিত দিল্লী পাব্লিক স্কুল আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
শিক্ষানুষ্ঠানখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘180 বছৰ অতিক্ৰম কৰা এখন ঐতিহ্যমণ্ডিত চহৰ ডিব্ৰুগড় ৷ এই চহৰখনত আধুনিক ধ্যান-ধাৰণাৰে উন্নত মানৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হোৱাটো অতি দৰকাৰী ৷ আশা কৰিছোঁ এই প্ৰতিষ্ঠানখনে চহৰখনৰ শিক্ষাৰ মান যথেষ্ট উন্নত কৰি তুলিব ৷’’
উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিদ্যালয়খন স্থাপনৰ প্ৰচেষ্টাৰ শলাগ লয় ৷
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ঋতুপৰ্ণ বৰুৱা, উদ্যোগপতি বি আৰ চেট্টীৰ লগতে বিদ্যালয়খনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷