ETV Bharat / city

সচিবালয়ৰ সন্মুখত চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ - ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়

সচিবালয়ৰ সন্মুখত বৃহৎ আকাৰৰ চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচিত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় অসম দিৱস ৷

অসম দিৱসত মুখ্যমন্ত্ৰী সোণোৱাল
চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ
author img

By

Published : Dec 3, 2020, 1:16 PM IST

মৰাণ, 3 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'ল অসম দিৱস । অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানতে জনপ্ৰিয় ঔপন্যাসিক য়েছে দৰজে ঠংচিক 2020 বৰ্ষৰ চ্যুকাফা বঁটা প্ৰদান কৰিলে ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী সোণোৱালে । সম্পূৰ্ণ তাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত কৰা হয় অসম দিৱসৰ ।

অসম দিৱসত মুখ্যমন্ত্ৰী সোণোৱাল

অসম চৰকাৰে অনুষ্ঠিত কৰা এই দিৱসত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য, সাংস্কৃতিক পৰম্পৰা দেখিবলৈ পোৱা যায় । মুখ্যমন্ত্ৰীয়ে তাই আহোমৰ নীতি নিয়মৰ মাজেৰে আহোমসকলৰ বীৰ পুৰুষ চ্যুকাফাক স্মৰণ কৰাৰ পাছতে অংশ ল'লে অসম দিৱসৰ ৰাজহুৱা সভাত ।

চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ
অসম দিৱসত সাংস্কৃতিক অনুষ্ঠান

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ তেওঁ কয়, "600 বছৰ ৰাজত্ব কৰি বৰ অসম প্ৰতিষ্ঠা কৰা চ্যুকাফাৰ প্ৰতিমূৰ্তি অসম সচিবালয়ৰ সন্মুখত নিৰ্মাণ কৰা হ'ব । শিৱসাগৰত 42 গৰাকী স্বৰ্গদেউৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ স্মৃতিক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব" । লগতে তেওঁ কয়, "চ্যুকাফাৰ নীতি-আদৰ্শৰে আমি নতুন প্ৰজন্মক আগবঢ়াই নিব লাগিব । যাতে আমাৰ প্ৰতিটো প্ৰজন্মই অসমীয়া ঐতিয্যৰ বিষয়ে অনুধাৱন কৰিব পাৰে "।

2020 বৰ্ষৰ চ্যুকাফা বঁটা গ্ৰহণ কৰি অসম দিৱসৰ সভাত সাহিত্যক য়েছে দৰজে ঠংচিয়ে কয়, "অসমীয়া ভাষা ভাল পাওঁ বাবেই অসমীয়াত লিখো । মোৰ মাতৃভাষা অসমীয়া নহয় যদিও অসমীয়া মোৰ প্ৰাণৰ ভাষা হৈ পৰিছে । মই অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰিহে ভাল পাওঁ । এই বঁটা গ্ৰহণ কৰিবলৈ পায় নিজক সৌভাগ্যবান বুলি অনুভৱ কৰিছো "।

অসম দিৱসত মিচিং জনগোষ্ঠীৰ ডেকা গাভৰুৰ গুমৰাগ নৃত্য, সোণোৱাল কচাৰীৰ লেচেৰী নৃত্য, চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য, গাভৰু হুঁচৰি বিহুৱে অসম দিৱসত উপস্থিত ৰাইজক বিশেষ আকৰ্ষণ কৰে । অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নব কুমাৰ দলে, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে চক্ৰধৰ গগৈৰ, কুশল দুৱৰী, প্ৰশান্ত ফুকন, নবনীতা সন্দিকৈ, বিমল বৰী, ৰিতুপন বৰুৱা, শিক্ষাবিদ দয়ানন্দ বৰগোহাঁইৰ লগতে ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰৰ কেইবা শতাধিক লোক ।

লগতে পঢ়ক : ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ সম্ভাৱনা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.