ETV Bharat / city

প্লাজমা দান কৰা সকলক আৰ্থিক উদ্গনি প্ৰদান মুখ্যমন্ত্ৰীৰ - Assam Plasma Hero award provided by the Chief Minister to Plasma donor

ক’ভিডৰ সৈতে মোকাৱিলা কৰিবলৈ প্লাজমা দাতা সকলক উৎসাহিত কৰাৰ বাবে ডিব্ৰুগড়ৰ এক অগ্ৰণী সামাজিক সংস্থা মাৰোৱাৰী নাট্য সমিতি আৰু ডিব্ৰুগড় প্ৰেছ ক্লাৱে যুটীয়াভাৱে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷

প্লাজমা দান কৰা সকলক আৰ্থিক উদগণি প্ৰদান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 11, 2020, 7:17 PM IST

ডিব্ৰুগড়,11 ছেপ্তেম্বৰ : শুকুৰবাৰে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্লাজমা বেংকত প্লাজমা দান কৰা তিনিজন প্লাজমা হিৰ'ক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

প্লাজমা দান কৰা সকলক আৰ্থিক উদ্গনি প্ৰদান মুখ্যমন্ত্ৰীৰ

সাম্প্ৰতিক ক’ভিড পৰিস্থিতিত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ দিশত অতিকৈ গুৰুত্বপূৰ্ণ প্লাজমা দানৰ বাবে অধিক সংখ্যাক যোগ্য প্লাজমা দাতা সকলক উৎসাহিত কৰাৰ বাবে ডিব্ৰুগড়ৰ এক অগ্ৰণী সামাজিক সংস্থা মাৰোৱাৰী নাট্য সমিতি আৰু ডিব্ৰুগড় প্ৰেছ ক্লাৱে যুটীয়া ভাৱে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত শুকুৰবাৰৰ পৰা প্লাজমা দান কৰা 100 গৰাকী প্লাজমা হিৰ’ক সম্বৰ্ধনা পত্ৰৰ লগতে 5000 হাজাৰ টকাকৈ নগদ ধন দি সম্বৰ্ধনা জনোৱাৰ বাবে এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷

ডিব্ৰুগড়ত প্লাজমা হিৰ’ক সম্বৰ্ধনা পত্ৰ

শুকুৰবাৰে এই পদক্ষেপৰে শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তিনিজন প্লাজমা দাতা ক্ৰমে ৰবি শৰ্মা,বাবলু দাস আৰু আব্দুল নুৰক প্ৰশংসা পত্ৰ প্ৰদান কৰে লগতে সকলো ৰাজ্যবাসীক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সহযোগ কৰে বিধায়ক প্ৰশান্ত ফুকন,উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু দুয়োটা সংস্থাৰ বিষয়ববীয়াসকলে ৷

লগতে চাওক-পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে মৰাণত ধন আত্মসাৎ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.