মৰাণ, 24 জানুৱাৰী: ৰাজ্যত পুনৰ গা কৰি উঠিছে 'কা' আৰু 'কৃষি আইন' বিৰুধী আন্দোলনে ৷ ইয়াৰ বিৰুধীতাৰে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলেও ভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ডিব্ৰুগড় জিলাৰ মৰাণতো মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী সকলে 'কা'ৰ প্ৰতিলিপি দাহ কৰাল লগতে ক'লা পতাকা উত্তোলন কৰি ক'লা দিৱস পালন কৰে ৷ লগতে আছু মৰাণ আঞ্চলিকৰ কাৰ্যালয়ৰ সন্মুখত আছু কৰ্মকৰ্তা সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ আজি এই কাৰ্যসূচীত আছুৰ চৰাইদেউ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অবিনাশ শৰ্মা, মৰাণ আঞ্চলিকৰ সভাপতি, সম্পাদক ক্ৰমে জিতু গগৈ আৰু ভাস্কৰ বৰুৱা উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷
লগতে পঢ়ক- অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন