ধুবুৰী,9ফেব্ৰুৱাৰীঃ ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনখন গৌৰীপুৰৰ মাটিয়াবাগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে । অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীমতে, পূৱাৰ ভাগত পতাকা উত্তোলন কৰে জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী পাৰভীন সাহাজাদাই । ইয়াৰ পাছতে গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সন্থাৰ কেন্দ্ৰীয় সম্পাদিকা বিজয়া ডেকাই।
এই অধিৱেশনৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে সমগ্র গৌৰীপুৰ চহৰত এক বিশাল শোভাযাত্ৰা উলিয়াই অংগনৱাড়ী কৰ্মী সহায়িকা সদস্যা সকলে ৷ শোভাযাত্ৰাত সকলোৱে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ বাল্য বিবাহ বন্ধ কৰক, শিশুক শ্ৰমিক হিচাপে ৰখা কৰক আৰু আমাৰ চাকৰি নিয়মীয়া কৰক আদি বিভিন্ন শ্ল'গান দিয়ে ।
উল্লেখ্য যে, ত্ৰি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি 10 ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে এখন মুকলি সভাৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে ৷ উক্ত মুকলি সভাত অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম উপস্থিত থাকিব বুলি সন্থাৰ সদস্যা সকলে সাংবাদিকৰ আগত সদৰি কৰিছে ।