ETV Bharat / city

মাছৰ কাৰ্টনত সোণালী শৈশৱ পাৰ কৰিছে এটি শিশুৱে - tragic childhoodtragic childhood of debajit

এটা কাৰ্টনত সময় পাৰ কৰিব লগীয়া হৈছে এটি দেৱ শিশুয়ে ৷ শৈশৱৰ খেলা-ধূলা আদি সকলোৰে পৰা বঞ্চিত শিশুটো ৷ টিংখাঙৰ খোৱাং গ্ৰান্ট গাঁৱৰ সুশীল গগৈ আৰু মাইনু গগৈৰ পুত্ৰ দেৱজিতৰ জন্মৰ পাচৰ পৰাই দেখা দিছিল বিভিন্ন শাৰীৰিক প্ৰতিবন্ধকতাই ।

tingkhong-child-sad-story
মাছৰ কাৰ্টনতেই সময় পাৰ কৰিছে এটি দেৱ শিশুয়ে
author img

By

Published : Jul 12, 2021, 8:43 PM IST

টিংখাং, 12 জুলাই : মাছৰ কাৰ্টনত এটি দেৱ শিশু ৷ কাৰ্টনতেই পাৰ কৰিছে সোণোৱালী শৈশৱ ৷ নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰা এক কৰুণ বাস্তৱ এইয়া । এটা মাছৰ কাটনত আৱদ্ধ এটি শিশু ৷

জীৱনৰ আৰম্ভণিতেই এইদৰে এটা কাৰ্টনত সময় পাৰ কৰিব লগীয়া হৈছে শিশুটিয়ে ৷ শৈশৱৰ খেলা-ধূলা আদি সকলোৰে পৰা বঞ্চিত শিশুটো ৷ এই শিশুটোৰ নাম দেৱজিৎ ৷ টিংখাঙৰ খোৱাং গ্ৰান্ট গাঁৱৰ সুশীল গগৈ আৰু মাইনু গগৈৰ পুত্ৰ দেৱজিতৰ জন্মৰ পাচৰ পৰাই দেখা দিছিল বিভিন্ন শাৰীৰিক প্ৰতিবন্ধকতাই ।

দেৱজিতক সুস্থ কৰি তুলিবৰ বাবে পিতৃ-মাতৃয়ে ডিব্ৰুগড় আৰু গুৱাহাটীত চিকিৎসা চলাইছিল যদিও অৰ্থৰ অভাৱত চিকিৎসা পৰ্ব আধাতে সামৰিবলগীয়া হয় । দেৱজিতৰ পিতৃ সুশীল গগৈ বৰ্তমান অসুস্থ ৷ তেনে পৰিস্থিতিত মাতৃ মাইনু গগৈয়ে ঘৰতে সৰুকৈ দোকান এখন দি দুবেলা দুসাজ উপাৰ্জন কৰি আহিছে যদিও ক'ভিড পৰিস্থিতিৰ বাবে তাতো এতিয়া জটিলতা আহি পৰিছে ।

দৰিদ্ৰ পৰিয়ালটোৱে দুৰ্ভগীয়া শিশুটিৰ চলাফুৰাৰ বাবে আজিলৈকে এখন হুইল ছেয়াৰ নাইবা তেনে কোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিলে । যাৰবাবে শিশুটিক এনেদৰে মাছৰ কাৰ্টনৰ ভিতৰতে ভৰাই থৈ জীৱন যুঁজত অৱতীৰ্ণ হৈছে মাতৃ মাইনু গগৈ । ক’ৰবালৈ ওলাই গলেও মাছৰ কাৰ্টনৰ সৈতে শিশুটিক টানি- চোঁচৰাই নিব লগীয়া হয় দুৰ্ভগীয়া মাতৃ গৰাকীয়ে । পৰিতাপৰ কথা যে চৰকাৰৰ দিব্যাংগ আঁচনিৰ কোনো এটাই আজি পৰ্যন্ত লাভ নকৰিলে দৰিদ্ৰ পৰিয়ালটোৱে ।

মাছৰ কাৰ্টনতেই সময় পাৰ কৰিছে এটি দেৱ শিশুয়ে

নিজ পুত্ৰৰ এনে নৰক যন্ত্ৰণা দেখিও একপ্ৰকাৰ অসহায় হৈ পৰিছে পিতৃ-মাতৃ । উন্নত চিকিৎসা আৰু পৰিচৰ্যাৰে শিশুটিক সুস্থ কৰি তোলাৰ হাজাৰ সপোন থাকিলেও সেয়া যেন এতিয়া অবাস্তৱ । ইতিমধ্যে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই টিংখাং আঞ্চলিকৰ সহযোগত শিশুটিৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় হৈ কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।

কিন্তু দেৱজিতক সুস্থ কৰাৰ বাবে এতিয়াও প্ৰয়োজন অধিক অৰ্থ সাহায্যৰ ৷ যদি কোনো সদাশয় লোকে দুৰ্ভগীয়া শিশুটিৰ বাবে কিবা এটা কৰিব বিচাৰে তেন্তে 6003260901 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰিব । সুহৃদবান লোকৰ সহায়ে হয়তো এধানি হাঁহি বিৰিঙাব পাৰে পিতৃ-মাতৃৰ লগতে দেৱজিতৰ মুখত ৷

লগতে পঢ়ক : এফালে নাটনি আনফালে এগৰাকীয়ে একে দিনাই পালে দুপালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.