ETV Bharat / city

ধুবুৰীত কাগজে কলমেহে আছে এখন আদৰ্শ চিকিৎসালয় - ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়

ৰাজ্যখনত ক’ভিড মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰাৰ সময়তে ধুবুৰীৰ এখন আদৰ্শ চিকিৎসালয়ৰ পৰা ৰাইজে লাভ কৰা নাই কোনো জৰুৰী সেৱা । স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সন্থাৰ ক্ষোভ প্ৰকাশ ।

ধুবুৰীত কাগজে কলমে আছে এখন আদৰ্শ চিকিৎসালয়

author img

By

Published : May 19, 2021, 5:12 PM IST

ধুবুৰী, 19 মে': ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো দেখা গৈছে কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণ ৷ দুই হাজাৰতকৈ অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে জিলাখনৰ বিভিন্ন প্ৰান্তত ৷

তেনে সময়তে ধুবুৰী জিলাৰ অন্তৰ্গত ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয় কেৱল কাগজ কলমতহে চলি আছে বুলি অভিযোগ উত্থাপন হৈছে । কৰ’ণা মহামাৰীৰ এই সময়ছোৱাত হাস্পতাল খনত নাই এখনো এম্বুলেঞ্চ নাই অক্সিজেনৰ ব্যৱস্থা, নাই কৰ’ণা প্ৰতিষেধকৰ ব্যৱস্থা, জৰুৰীকালীন ৰোগীৰ বাবে নাই কোনো ধৰণৰ সু-ব্যৱস্থা ।

ধুবুৰীত কাগজে কলমে আছে এখন আদৰ্শ চিকিৎসালয়

দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সন্থাই চৰকাৰ, প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধি সকলক চিকিৎসালয়খন পুনৰ কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছিল যদিও আজোকপতি ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰ আৰু জনপ্ৰতিনিধিয়ে । যাৰ বাবে ৰাইজ আজি আতংকিত হৈ ক্ষোভ প্ৰকাশ কৰিবলগীয়া হৈছে ।

অচিৰেই অঞ্চলটোৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খনত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰি পূৰ্ণ পৰ্যায়ৰ চিকিৎসা সেৱা আগবঢ়াই অঞ্চলবাসীক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ, প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিসকলক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানত গাভিনী গঁড়ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.