ETV Bharat / city

ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি - স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি

73 সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ ব্যস্ত হৈ পৰিছে সকলো ৷ দেশৰ আন প্ৰান্তৰ লগতে অসমতো স্বাধীনতা দিৱসৰ বিশেষ প্ৰস্তুতি

ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Aug 14, 2019, 4:50 PM IST

নিউজ ডেস্ক, 14 আগষ্টঃ দেশৰ আন প্ৰান্তৰ লগতে অসমতো স্বাধীনতা দিৱসৰ বিশেষ প্ৰস্তুতি৷ নলবাৰী, বিলাসীপাৰা, ধুবুৰী, জোনাইৰ লগতে ৰাজ্যৰ প্ৰতিটো অঞ্চলতেই স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি ৷ স্বাধীনতা দিৱসৰ সময়চোৱাত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাম-কাজ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি

নিউজ ডেস্ক, 14 আগষ্টঃ দেশৰ আন প্ৰান্তৰ লগতে অসমতো স্বাধীনতা দিৱসৰ বিশেষ প্ৰস্তুতি৷ নলবাৰী, বিলাসীপাৰা, ধুবুৰী, জোনাইৰ লগতে ৰাজ্যৰ প্ৰতিটো অঞ্চলতেই স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি ৷ স্বাধীনতা দিৱসৰ সময়চোৱাত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাম-কাজ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি
Intro:Body:
জোনাইত স্বাধীনতা দিৱসৰ প্ৰস্তুতি / জোনাই আৰক্ষী নিচিদ্ৰ তালাচী অভিযান অব্যাহত

জোনাই ১৪ আগষ্ট
দেশৰ অন্যান্য ঠাইৰ লগতে বানক্ৰান্ত জোনাইতো স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। জোনাইৰ গান্ধী খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেড প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।স্বাধীনতা দিৱসৰ সময়চোৱাত মহকুমাটোত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাম-কাজ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে| কোনো দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে জোনাই মহকুমাৰ সদৰ চহৰলৈ ওলোৱা-সোমোৱা বাট-পথসমূহত লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে যান-বাহনসমূহত তালাচী অভিযান অব্যাহত ৰাখিছে | ইফালে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত জোনাইৰ গান্ধী ময়দানত উদ্ যাপন হবলগীয়া ৭৩ তম স্বাধীনতা দিৱস উপলক্ষে কুচ কাৱাজৰ অনুশীলন চলাই আছে ছাত্ৰ ছাত্ৰী সকলে| জোনাই সদৰৰ বিভিন্ন স্কুল কলেজৰ প্ৰায় ২৮ টা ছাত্ৰ ছাত্ৰীৰ দলে স্বাধীনতা দিৱসৰ দিনা প্ৰদৰ্শন কৰা মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰিবৰ জোনাইৰ মহকুমাধিপতি নি সসৰ্গ হিৱৰেয়ে|

কৰবী দলে জোনাই
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.