বিলাসীপাৰা, ১৪ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ লক্ ডাউনৰ আজি অন্তিমটো দিন । লক্ ডাউনৰ ফলতেই দৰিদ্ৰ লোকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি । দেখা দিছে ব্যাপক খাদ্য সংকটৰ । বিলাসীপাৰাৰ বেলতলী গাঁৱৰ তেনে ১৩০ টা পৰিয়ালৰ মাজত মঙলবাৰে পুৱাৰে পৰা বিতৰণ কৰা হয় অত্যাৱশ্যকীয় সামগ্ৰী ।
গাঁৱখনৰ কেইগৰাকীমান হৃদয়বান লোকে স্থানীয় সাংবাদিক মফিজুল হুচেইন আহমেদৰ সহযোগত দৰিদ্ৰ লোক সকল ঘৰে ঘৰে গৈ বিতৰণ কৰে সাহাৰ্য সামগ্ৰী সমূহ ।
সম্পূৰ্ণ বিভাগীয় নীতি নিৰ্দেশনা আৰু বিভাগীয় লাট মণ্ডল গোগীনাথ দাসৰ উপস্থিতিত সামাজিক দূৰত্ব বজাই দৰিদ্ৰ লোক সকলক সাময়িক ভাৱে সকাহ দিয়াৰ উদ্দেশ্যে খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰা হয় । এতিয়া স্থানীয় লোক সকলৰ এনে মহান কাৰ্যই সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।