ধুবুৰী, 21 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে সোমবাৰে নিশা ধুবুৰী আৰক্ষীয়ে ধুবুৰী বি অ’ চি মোৰত অভিযান চলায় ৷ এই অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা (Drug Peddler Arrested by Dhubri Police) ৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে (Psychotropic Drugs Seized at Dhubri) ৷
এক গোপন তথ্যৰ ভিত্তিত সোমবাৰে নিশা ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতিম গগৈৰ নেতৃত্বত আৰক্ষীৰ এটি বৃহৎ দলে এই অভিযান চলায় ৷ আৰক্ষীয়ে সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰা এখন ড্ৰাগছ ভৰ্তি এল্ট’ বাহনো জব্দ কৰে ৷ AS O1 BD 4905 নম্বৰৰ এল্ট’খন পশ্চিমবংগৰ পৰা ধুবুৰীত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ৷
আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে- ধুবুৰীৰ নিউঘাট আৰু ৰেলগুণ্ডিৰ মাহমুদুল হাছান আৰু মজিদ হোছেইন বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ জেৰা অব্যাহত ৰাখিছে । বিগত সময়ত কেইবাটাও অভিযানত বহুসংখ্যক ড্ৰাগছ, সুৰা, গাঞ্জা, চোৰাং গৰু আদি জব্দ কৰাৰ লগতে এনে কাণ্ডত জড়িত কেইবাজনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ধুবুৰী আৰক্ষী ৷
লগতে পঢ়ক : Gambler Arrested at Tingkhong : টিংখাঙত 11 টাকৈ জুৱাৰী কৰায়ত্ত