ETV Bharat / city

ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয়ত চৰম অৰাজকতা - সহকাৰী বিষয় শিক্ষক

ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয় ৷ বিদ্যালয়খনত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ মইমতালি চলাৰ অভিযোগ ৷ বছৰ বছৰ ধৰি মধ্যাহ্ন ভোজন আৰু আন্তঃগাঁথনিৰ নামত অহা পুঁজিৰ নামত চলিছে লুণ্ঠনৰাজ ।

alligations-of-corruption-against-a-government-school-in-dhubri-assam
ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয়ত চৰম অৰাজকতা
author img

By

Published : Oct 31, 2021, 3:33 PM IST

ধুবুৰী, 31 অক্টোবৰ : ধুবুৰী জিলাৰ বীৰসিং চৰ অঞ্চলৰ ৪২৪ নং বীৰসিং চৰ এল পি স্কুলত দীৰ্ঘদিনে প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ মইমতালি আৰু লুণ্ঠনৰাজৰ অভিযোগ উত্থাপন হৈছে । বিদ্যালয়খনত চলি থকা দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত কেইদিনমান পূৰ্বে নতুনকৈ পৰিচালনা সমিতি গঠনৰ বাবে অনুষ্ঠিত হয় এখন সভা ।

a government school in Dhubri
ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয়ত চৰম অৰাজকতা

কিন্তু সভাত মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতেই এটা পক্ষই বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি কৰি অহা প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত ৰুজু কৰিছে গোচৰ । অভিযোগকাৰী স্থানীয় ৰাইজ তথা অভিভাৱকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ তিনি-চাৰি বছৰীয়া দুৰ্নীতিৰ তথ্য বিচাৰি RTI কৰিছে যদিও আজিলৈকে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

ইপিনে আৰক্ষী থানাত গোচৰ ৰুজু কৰিলেও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত তেওঁলোক কাষ চাপিছে সাংবাদিকৰ । তাৰোপৰি বীৰসিং চৰ এল পি স্কুলত নাই শৈক্ষিক পৰিৱেশ । বিদ্যালয়খনৰ প্ৰধান শিক্ষক মন্তাছুৰ ৰহমান আৰু বিদ্যালয় পৰিচালনা সমিতিৰ চৰম গাফিলতি আৰু ৰহস্যজনক ভূমিকাৰ বাবেই বিদ্যালয়খনত আন্তঃগাঁথনি উন্নত নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।

আনহাতে চৰকাৰী বিদ্যালয়খনত প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুলভাবে গ্ৰহণ কৰি আহিছে পাঠদান । কণ কণ ছাত্ৰ ছাত্ৰীৰ মূৰৰ ওপৰত থকা চিলিং খহি পৰাৰ উপক্ৰম হৈছে । যিকোনো মুহূৰ্ততে বিদ্যালয়ৰ চিলিং খহি ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।

আনকি বিদ্যালয়খনত তিনি-চাৰি বছৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নকৰাকৈ আৰু শিক্ষাৰ্থীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ ধনখিনিৰ সৰহভাগ আত্মসাতৰ অভিযোগ অভিভাৱক ৰাইজৰ । কিন্তু এইলৈ গুৰুত্ব নাই বিদ্যালয় কৰ্তৃপক্ষ তথা প্ৰধান শিক্ষক মন্তাছুৰ ৰহমানৰ । কি কৰা হৈছে চৰকাৰী আঁচনিৰ লাখ লাখ টকা ।

ইপিনে বিদ্যালয়খনৰ সহকাৰী বিষয় শিক্ষক হিচাপে বিগত কেইবাবছৰো শিক্ষকতা কৰি মাহে মাহে চৰকাৰী দৰমহা উপভোগ কৰি অহা আব্দুছ ছবুৰ নামৰ শিক্ষকজনৰ আছে আন এক সুকীয়া পৰিচয় । আব্দুছ ছবুৰ শাসকীয় বিজেপি দলৰ এজন সক্ৰিয় দায়িত্বশীল পদবীধাৰী কৰ্মী ।

বীৰসিং মণ্ডল যুৱ মৰ্চাৰ অফিচ ইনচাৰ্চ হিচাপেও কৰ্মৰত অৱস্থাত আছে এইজন শিক্ষক আব্দুছ ছবুৰ । ইয়াক লৈও সচেতন অভিভাৱক- ৰাইজৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : মঙলদৈৰ জ্ঞান বিকাশ একাডেমীৰ 22 গৰাকী শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.