নিউজ ডেস্ক, ২২ অক্টোবৰ : বিনিয়োগকাৰীসকলে বিপদাশংকা আৰু নিশ্চিত উপাৰ্জন পৰিকল্পনাৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ তেওঁলোকৰ বিনিয়োগ পৰিকল্পনাবোৰ পৰিৱৰ্তনশীল সময়ৰ সৈতে খাপ খুৱাই লোৱা উচিত (Investors to adapt their investment plans) । কেৱল বিনিয়োগ কৰি নিশ্চিত থকাৰ মনোভাবেই সহায় নকৰিব । এজন সচেতন বিনিয়োগকাৰীয়ে প্ৰতি বছৰে ৰিটাৰ্ণ নিৰীক্ষণ আৰু সমীক্ষা কৰা উচিত আৰু এক সুৰক্ষিত ভাৰসাম্য বজাই ৰখাৰ বাবে বিনিয়োগ পৰিকল্পনা সলনি কৰা উচিত ।
যুৱ প্ৰজন্মই সময়ে সময়ে তেওঁলোকৰ বিনিয়োগৰ পৰ্যালোচনা কৰিবলৈ পাহৰি যায় আৰু ভাৰসাম্য বজাই ৰাখিবলৈ কোনো প্ৰয়াস নকৰা পৰিলক্ষিত হয় । এনে ধৰণৰ প্ৰৱণতাৰ বাবে শেষত প্ৰত্যাশিত ফলাফল লাভৰ পৰা বঞ্চিত কৰে । এই পৰিস্থিতিটো এনে এক সময়ত উদ্ভৱ হয় যেতিয়া কোভিড-19 ৰ পিছত নতুন বিনিয়োগকাৰী শ্বেয়াৰ বজাৰত বহুগুণে বৃদ্ধি পায় (stock market investment) । প্ৰাসংগিকভাৱে, বিগত দুটা বছৰত 'ডিমেট একাউণ্ট'ৰ (Demat accounts) সংখ্যা একাধিকবাৰ বৃদ্ধি পাইছে ।
পিতৃ-মাতৃৰ তুলনাত যুৱসকলৰ বিত্তীয় লক্ষ্য (financial goals of youth) সম্পূৰ্ণ পৃথক । যুৱ প্ৰজন্মই দ্ৰুত বিত্তীয় স্বাধীনতা বিচাৰি আছে । সেইকাৰণে তেওঁলোকে উচ্চ উপাৰ্জন উৎপাদনশীল পৰিকল্পনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে । কিন্তু সেইবোৰত অন্তৰ্ভুক্ত বিপদাশংকাৰ পৰিমাণ উমান লোৱাৰো কোনো চেষ্টা কৰা নাই । বিনিয়োগ কৰোঁতে মুদ্ৰাস্ফীতি ৰক্ষা কৰাৰ লক্ষ্য তৈয়াৰ কৰাটো একো ভুল নহয় । একে সময়তে যদি কোনোবাই কিছু সুৰক্ষা ব্যৱস্থা লয় তেন্তে ইয়াৰ পৰা অধিক ভাল ফলাফল লাভ কৰিব পাৰিব ।
যুৱ বিনিয়োগকাৰীসকলৰ উচ্চ বিপদাশংকা অৱশোষণ কৰাৰ এক অন্তৰ্নিহিত ক্ষমতা আছে । সেয়েহে তেওঁলোকৰ বিনিয়োগবোৰৰ বেছিভাগ ইকুইটি বজাৰত লক্ষ্য কৰা হয় । কিন্তু শ্বেয়াৰ বজাৰৰ অনিশ্চয়তাৰ কথা বিবেচনা কৰি, ইকুইটিৰ উপৰি আন বিনিয়োগ পৰিকল্পনাবোৰৰ ওপৰতো চকু দিব লাগে । যদি আমাৰ সকলো ধন ইকুইটিত ৰখা হয় তেন্তে আমি শ্বেয়াৰ বজাৰৰ পতনৰ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হ'ব লাগিব । সেয়েহে বিনিয়োগ কৰোঁতে বিপজ্জনক আৰু নিশ্চিত আঁচনিৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ সঠিক পৰামৰ্শ অনুসৰণ কৰিব লাগে (assured investment plans) ।
ইয়াৰ বাবে প্ৰথমতে আপোনাৰ বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰক (financial goals to make investments) আৰু তাৰ পিছত সেই অনুসৰি বিনিয়োগ কৰক । ইকুইটি (equities), ঋণ, স্থায়ী উপাৰ্জন (fixed income), সোণ আৰু এনে আঁচনিত বিনিয়োগ কৰোঁতে বৈচিত্ৰ্যপূৰ্ণ বিনিয়োগৰ লক্ষ্য ৰাখিব । দীৰ্ঘম্যাদী ৰণনীতিৰ সৈতে এক নিৰন্তৰ আৰু নিয়মীয়াকৈ বিনিয়োগ অব্যাহত ৰাখিব । নিশ্চিত কৰিব যে ইয়াৰে কিছুমান পৰিকল্পনাই জৰুৰী পৰিস্থিতিৰ বাবে সহজলভ্যতা প্ৰদান কৰিব । বিনিয়োগৰ প্ৰদৰ্শন নিৰীক্ষণ কৰক আৰু প্ৰতি বছৰে তাৰ পৰা উপাৰ্জন সমীক্ষা কৰক ।
এবাৰ বিনিয়োগে প্ৰত্যাশিত উপাৰ্জন লাভ কৰাৰ পিছত তাৰ পৰা আংশিক পৰিমাণ উলিয়াওক । আপোনাৰ সামগ্ৰিক বিনিয়োগ পৰ্টফলিঅ'ত ভাৰসাম্য বজাই ৰাখিবলৈ এইটো কৰক । আমাৰ বিনিয়োগবোৰ নিয়মীয়াকৈ পৰ্যালোচনা কৰি, আমি আমাৰ বিত্তীয় লক্ষ্য লাভ কৰাৰ ক্ষেত্ৰত সঠিক পথত গৈ আছোঁনে নাই সেয়া সহজে জানিব পাৰোঁ । যদিহে আমি আমাৰ বিনিয়োগ পৰিকল্পনাবোৰ পৰিৱৰ্তনশীল সময়ৰ চাহিদাৰ সৈতে খাপ খুৱাওঁ, তেতিয়াহে উন্নত ফলাফল লাভ কৰিব পাৰি । এক 'বিনিয়োগ আৰু নিশ্চয়তা' মনোভাবেই এই ক্ষেত্ৰত সহায় নকৰিব ।
লগতে পঢ়ক :Home Loan: গৃহগৃ ঋণৰ অত্যধিক সুতৰ বোজা কমাবলৈ কিছু পৰামৰ