ETV Bharat / business

তৈল শক্তিৰ মূল্য হ্ৰাসৰ সুবিধা লৈ কৌশলগত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে ভাৰতে - তেলৰ মূল্য হ্ৰাস

অপৰিশোধিত তেলৰ মূল্য হ্ৰাসক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢাইছে প্ৰাক্তন পেট্ৰলিয়াম সচিব এচ চি ত্ৰিপাঠীয়ে । ইটিভি ভাৰতৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে, ভাৰতে তেল সংৰক্ষণৰ পৰিমাণ বৃদ্ধি কৰাৰ এয়াই সঠিক সময় ।

তৈলশক্তিৰ মূল্য হ্ৰাসৰ সুবিধা লৈ কৌশলগত সংৰক্ষণ ব্যৱস্থা কৰিব লাগে ভাৰতে

author img

By

Published : Apr 22, 2020, 4:40 PM IST

নিউজ ডেস্ক, 22 এপ্ৰিলঃ ভাৰতে অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পোৱাৰ এই সুযোগৰ সদব্যৱহাৰ কৰিব লাগে বুলি প্ৰকাশ কৰিছে ভাৰতৰ প্ৰাক্তন পেট্ৰলিয়াম সচিব এচ চি ত্ৰিপাঠীয়ে । বিশ্বৰ বজাৰত হ্ৰাস পোৱা খাৰুৱা তেলৰ প্ৰসংগত তেওঁ কয় যে,তেলৰ দাম কমি থাকোতেই ভাৰতে কৌশলগত সংৰক্ষণ ব্যৱস্থা বৃদ্ধি কৰি ভাৰতত তেল সংৰক্ষণৰ পৰিমাণ অধিক বৃদ্ধি কৰিব লাগে। ত্ৰিপাঠীয়ে ইটিভি ভাৰতৰ সৈতে সোমবাৰে এক বাৰ্তালাপত এইদৰে কয় ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে হ্ৰাস পাইছে তেলৰ মূল্য । কৰ'ণা ভাইৰাছ মহামাৰীৰ লগতে বিভিন্ন কাৰকে প্ৰভাৱ পেলাইছে এই মূল্য হ্ৰাসত । আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰিশোধিত খাৰুৱা তেলৰ মূল্য মে' মাহৰ বাবে প্ৰতি বেৰেলত 36.73 আমেৰিকান ডলাৰ ধাৰ্য কৰা হৈছিল । কিন্তু লক্ষণীয়ভাৱে জুনৰ মাহৰ বাবে অৰ্ডাৰ কৰা তেলৰ বাবে এই মূল্য হ্ৰাস হৈ প্ৰতি বেৰেলত 20 আমেৰিকান ডলাৰ হয় । ইতিহাসত ইমান পৰিমাণৰ মূল্য হ্ৰাস এয়াই প্ৰথম ।

সেয়েহে এই পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ভাৰতে অধিক পৰিমাণৰ তেল সংগ্ৰহ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগে বুলি কয় প্ৰাক্তন পেট্ৰ'লিয়াম সচিব গৰাকীয়ে । কিন্তু ভাৰতত অধিক পৰিমাণে তেল সংৰক্ষণ কৰিব পৰা ব্যৱস্থা বৰ্তমানলৈ হৈ উঠা নাই বুলিও তেওঁ প্ৰকাশ কৰে আৰু চৰকাৰক ইয়াৰ বাবে শীঘ্ৰেই কৌশলগত ব্যৱস্থা লৈ অধিক পৰিমাণে তেল কিনি সংৰক্ষণৰ বাবে আহ্বান জনাই ।

ভাৰতৰ তিনিটা স্থানত তেল সংৰক্ষণৰ ব্যৱস্থা আছে । অন্ধ প্ৰদেশৰ বিশাখাপট্টনমত 5.33 মিলিয়ন টন তেল সংৰক্ষণৰ ক্ষমতাৰ এক প্ৰকল্প আছে । আনহাতে ওড়িশাৰ চান্দিখলত 4.5 মিলিয়ন টন আৰু কৰ্ণাটকত 1.5 মিলিয়ন টন তেল সংৰক্ষণৰ ব্যৱস্থা আছে । আনহাতে আমেৰিকাত সৰ্ববৃহৎ তেল সংৰক্ষণৰ ব্যৱস্থা আছে য'ত 700 মিলিয়ন টন সংৰক্ষণ কৰিব পাৰি ।

লগতে পঢ়কঃ তৈলখণ্ডৰ নাটকীয় পৰিৱৰ্তনক লৈ OPECৰ আলোচনা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.