ETV Bharat / business

গৃহ ঋণ স্থানান্তৰ কৰাৰ পূৰ্বে জানিবলগীয়া কেইটামান কথা

author img

By

Published : Mar 19, 2022, 10:35 AM IST

বহুলোকে এটা ঘৰ সজাৰ বাবে গৃহ ঋণ লয় । কিন্তু ঋণ লোৱা একাংশ লোকে অধিক হাৰত সুদ পৰিশোধ কৰিবলগীয়া হৈছে ৷ এনে লোকসকলে এটা কোম্পানীৰ পৰা আন এটা কোম্পানীলৈ গৃহ ঋণ স্থানান্তৰ (Transferring a home loan from one company to another) কৰাৰ পৰিকল্পনা কৰে । কিন্তু কেতিয়া স্থানান্তৰ কৰা উচিত ? চাওক, গৃহ ঋণ স্থানান্তৰকৰণৰ পূৰ্বে জানিবলগীয়া কেইটামান কথা ৷

Things you should consider before transferring home loan
গৃহ ঋণ স্থানান্তৰ কৰাৰ পূৰ্বে জানিবলগীয়া কেইটামান কথা

বিজনেচ ডেস্ক, ১৯ মাৰ্চ : গৃহ ঋণ (Home Loan) হৈছে আপোনাৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰাৰ অন্যতম পন্থা (Home loan is the way to fulfil the dream of owning a house) । বেংক আৰু হাউচিং কোম্পানীবোৰে বৰ্তমান ৬.৪০-৬.৬০ শতাংশ সুদৰ বিনিময়ত ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ যিটোৱে বহু লোকক আকৰ্ষণ কৰিছে ।

আনহাতে, যিসকলে ইতিমধ্যে ঋণ লৈছে, তেওঁলোকে উচ্চ হাৰত সুদ পৰিশোধ কৰিছে ৷ বৰ্তমান সেই ঋণ নিচেই কম পৰিমাণৰ সুদৰ হাৰত উপলব্ধ হৈছে । সেয়েহে তেওঁলোকে লোৱা ঋণ আন এটা কোম্পানীলৈ স্থানান্তৰ (Transferring a home loan from one company to another) কৰিবলৈ প্ৰয়াস কৰিছে । এটা কোম্পানীৰ পৰা আন এটা কোম্পানীলৈ গৃহ ঋণ স্থানান্তৰ কৰাৰ আঁৰৰ প্ৰাথমিক লক্ষ্য হৈছে মাত্ৰাধিক সুদৰ হাৰৰ বিপৰীতে কিছু পৰিমাণৰ ধন ৰাহি কৰা ।

বেংক বা অন্যান্য ঋণ প্ৰদানকাৰী কোম্পানীবোৰে ঋণ লওঁতাৰ বাবে সুদৰ হাৰ নিৰ্ধাৰণ কৰাৰ পূৰ্বে কেইবাটাও কাৰক বিবেচনা কৰে । বিশেষকৈ পূৰ্বৰ লেনদেন (credit history) আৰু লেনদেনৰ পৰিমাণ (credit score) । ঋণ স্থানান্তৰ কৰোঁতে পৰিদৰ্শন (inspection) আৰু তত্বাৱধান মাচুল (maintenance fees) থাকে ৷

তদুপৰি, নথিপত্ৰবোৰ নতুন ঋণৰ দৰে একেধৰণে দাখিল কৰিব লাগিব । নথিপত্ৰৰ ব্যয় আৰু অন্যান্য খৰচ থাকে (There are documentation costs and other charges) । এই সকলোবোৰ বিবেচনা কৰাৰ প্ৰয়োজন । যদি আপুনি অনুভৱ কৰে যে ঋণ স্থানান্তৰ কৰিলে কোনো বিশেষ লাভালাভ নহয়, তেনেহ'লে সিদ্ধান্তটো সলনি কৰা উচিত ৷ বেলেঞ্চ স্থানান্তৰ কৰোঁতে প্ৰথমে অভাৰড্ৰাফ্টৰ (overdraft) দৰে কোনো সুবিধা আছে নেকি পৰীক্ষা কৰক । নতুন হোম একাউণ্টৰ উপৰিও এটা অভাৰড্ৰাফ্ট একাউণ্ট খুলিব লাগিব ।

ঋণ লওঁতাই ইয়াত তেওঁৰ অতিৰিক্ত ধন জমা কৰিব লাগে । প্ৰয়োজন হ'লে ইয়াৰ পৰা নগদ ধন উলিয়াব পাৰি । সুদৰ হাৰ হিচাপ কৰোতে, অভাৰড্ৰাফ্ট একাউণ্টৰ পৰিমাণ বাদ দি বাকী পৰিমাণৰ ওপৰত সুদ আদায় কৰা হয় । ই দীৰ্ঘম্যাদী সময়ৰ বাবে বোজা হ্ৰাস কৰিব ।

গৃহ ঋণ লোৱাৰ কেইবছৰমান পিছত ইয়াক স্থানান্তৰ কৰাৰ কোনো বিশেষ সুবিধা নাথাকে । সেয়েহে, আৰম্ভণিতে বেছি সুদৰ বেংক বা প্ৰতিষ্ঠানৰ পৰা ঋণ ল'লে, পৰৱৰ্তী সময়ত কম সুদৰ ঋণ লৈ ইয়াক স্থানান্তৰ কৰিব লাগে । ঋণৰ আৰম্ভণিতে সুদৰ অংশ আদায় কৰা হয় । সময়ৰ লগে লগে প্ৰকৃত ধনৰাশি হ্ৰাস হৈ আহে । নিশ্চিত কৰাটো দৰকাৰ যে বৰ্তমানৰ ঋণৰ ম্যাদ আৰু নতুন ঋণৰ ম্যাদ দুয়োটা একে ।

উদাহৰণস্বৰূপে, বৰ্তমানৰ ঋণৰ ম্যাদ হৈছে ২০ বছৰ । ধৰি লওক আপুনি ইতিমধ্যে দুবছৰৰ বাবে পৰিশোধ কৰিছে । ঋণ স্থানান্তৰ কৰোঁতে বাকী ১৮ বছৰ ৰাখিব লাগে । EMI ৰ বোজা হ্ৰাস কৰিবলৈ সময়সীমা বৃদ্ধি কৰিব পাৰি । কিন্তু, নাপাহৰিব যে সুদৰ বোজা ইয়াৰ সৈতে সামঞ্জস্যপূৰ্ণ ।

যদি আপুনি এটা টপ-আপ বিচাৰে (If you want a top-up)

Paisabazar.com ৰ গৃহ ঋণ বিভাগৰ মুৰব্বী ৰতন চৌধুৰীয়ে কোৱা মতে, বৰ্তমানৰ গৃহ ঋণৰ ওপৰত টপ-আপ (top-up) লোৱাৰ এটা সুবিধা আছে । ঋণ দিয়া প্ৰদানকাৰী কোম্পানীসকলে এই সুবিধা আগবঢ়ায়, যেতিয়া কিস্তিবোৰ নিয়মীয়াকৈ পৰিশোধ কৰা হয় ।

এই ঋণৰ সূতৰ হাৰ গৃহ ঋণৰ সমান । কেতিয়াবা ধৰি লওঁক যে, আপোনাক সঁচাকৈয়ে এটা টপ-আপ ঋণৰ প্ৰয়োজন । যদি এইটো দিয়া নহয়, ঋণটো এটা নতুন কোম্পানীলৈ স্থানান্তৰ কৰিব পাৰে আৰু একক ঋণ হিচাপে বৃহৎ পৰিমাণৰ ধন ল’ব পাৰে ।

লগতে পঢ়ক : যদি অধিক ধন ৰাহি কৰিব খোজে তেন্তে কৰক এই কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.