নিউজ ডেস্ক, 20 আগষ্টঃ দেশৰ বেংকিং ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ আগবাঢ়িছে ভাৰতীয় ষ্টেট বেংক ৷ আগন্তুক পাঁচ বছৰৰ ভিতৰত দেশৰ পৰা ডেবিট কাৰ্ড নোহোৱা কৰিব ভাৰতীয় ষ্টেট বেংকে ৷ মুম্বাইত অনুষ্ঠিত হোৱা ফিবাকৰ বাৰ্ষিক সভাত ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ ৰাজনীশ কুমাৰে ৷
-
Worried about having your ATM Card cloned? Now triumph like Hima as you withdraw money without an ATM Card, using the #YONOCash feature on #YONOSBI. Download: https://t.co/yjDSsjkoWj
— State Bank of India (@TheOfficialSBI) August 19, 2019 " class="align-text-top noRightClick twitterSection" data="
#StateBankofIndia #YONOSBI #YONOCash #HimaDas #BrandAmbassadors #CardlessWithdrawals #Secure pic.twitter.com/hkIjxklDFW
">Worried about having your ATM Card cloned? Now triumph like Hima as you withdraw money without an ATM Card, using the #YONOCash feature on #YONOSBI. Download: https://t.co/yjDSsjkoWj
— State Bank of India (@TheOfficialSBI) August 19, 2019
#StateBankofIndia #YONOSBI #YONOCash #HimaDas #BrandAmbassadors #CardlessWithdrawals #Secure pic.twitter.com/hkIjxklDFWWorried about having your ATM Card cloned? Now triumph like Hima as you withdraw money without an ATM Card, using the #YONOCash feature on #YONOSBI. Download: https://t.co/yjDSsjkoWj
— State Bank of India (@TheOfficialSBI) August 19, 2019
#StateBankofIndia #YONOSBI #YONOCash #HimaDas #BrandAmbassadors #CardlessWithdrawals #Secure pic.twitter.com/hkIjxklDFW
প্লাষ্টিক কাৰ্ডৰ বিলুপ্তি ঘটাই ডিজিটেল অৰ্থনীতিক অধিক গুৰুত্ব দিয়াৰ বাবেই ৰাষ্ট্ৰীয় বেংকটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ৷ বেংকটোৰ ডিজিটেল সংস্কৰণ "য়োনো"ৰ মাধ্যমেৰে এতিয়াৰে পৰা ষ্টেট বেংকৰ গ্ৰাহকে টকা উলিয়াবলৈ সক্ষম হ'ব ৷ ডেবিট কাৰ্ড অবিহনে "য়োনো"ৰ মাধ্যমেৰে গ্ৰাহকে এটিএমৰ পৰা ধন উলিওৱাৰ লগতে, ব্যৱসায়িক লেনদেন সম্পন্ন কৰিব পাৰিব ৷ ইয়াৰ বাবে ভাৰতীয় ষ্টেট বেংকে ইতিমধ্যে 68000টা "য়োনো কেছপইন্ট"ৰ ব্যৱস্থা কৰিছে আৰু আগন্তুক 18 মাহৰ ভিতৰত 1 মিলিয়ন কেছপইন্টৰ সংখ্যা সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত লৈছে৷
বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰা "QR"ৰ মাধ্যমেৰে গ্ৰাহকৰ বাবে লেনদেন সম্পন্ন কৰাত গুৰুত্ব প্ৰদান কৰিব ভাৰতীয় ষ্টেট বেংকে ৷ দেশত বৰ্তমান সময়ত 90 কোটি ডেবিট কাৰ্ডৰ বিপৰীতে প্ৰায় 3 কোটি ক্ৰেডিট কাৰ্ড আছে আৰু ভাৰতীয় ষ্টেট বেংকে "য়োনো"ৰ মাধ্যমেৰে ধনৰ লেনদেন সম্পন্ন কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব ৷