ETV Bharat / business

অসমীয়াত এপ মুকলি কৰিলে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম 'KOO'ই

author img

By

Published : Jun 17, 2021, 6:49 PM IST

বহুকেইটা ভাৰতীয় ভাষাত উপলব্ধ 'KOO'ই অসমীয়া ভাষাত মুকলি কৰিলে এপ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাত প্ৰথমটো বাৰ্তা প্ৰেৰণ কৰে ।

Microblogging platform Koo launches app in Assamese language
অসমীয়াত এপ মুকলি কৰিলে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম 'KOO'ই

নেশ্যনেল ডেস্ক, ১৭ জুন: মাইক্ৰ'ব্লগিং প্লেটফৰ্ম 'KOO'ই অসমীয়া ভাষাত মুকলি কৰিলে এপ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(DR. HIMAANTA BISW SARMA)ই অসমীয়া ভাষাত প্ৰেৰণ কৰা প্ৰথমটো বাৰ্তাৰে মুকলি কৰা হয় মাইক্ৰ'ব্লগিং প্লেটফৰ্মটোৰ এপ । মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত লিখিছে যে, 'KOO'ই অসমীয়া ভাষাত এপ মুকলি কৰাক লৈ তেওঁ যথেষ্ট আনন্দিত ।

এই এপটোৱে অসমৰ লোকসকলক মাতৃভাষাত তেওঁলোকৰ মতামত ব্যক্ত কৰিবলৈ সুযোগ দিছে । তেওঁ লগতে কয় যে, তেওঁ এপটোৰ জৰিয়তে তেওঁৰ মতামত, বিভিন্ন বিষয়ৰ ঘোষণা আৰু আৰু বহুতো খবৰৰ আপডেট দিব ।

'KOO'ৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অপ্ৰমেয় ৰাধাকৃষ্ণই কয় যে, "৩০ নিযুতৰো অধিক জনসংখ্যাই বসবাস কৰা অসম এখন বৃহৎ আৰু জনসাধাৰণৰ নিজৰ ভাষাৰ সৈতে ওতপ্ৰোত সম্পৰ্ক আছে । 'KOO'জৰিয়তে এজনে আনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব আৰু অসমীয়া ভাষাতে তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিব পাৰিব । লগতে নতুন লোকৰ সৈতে বন্ধুত্বৰ সম্পৰ্কও স্থাপন কৰিব পাৰিব ।

মাইক্ৰ'ব্লগিং প্লেটফৰ্মটোৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, 'KOO'একাধিক ভাৰতীয় ভাষাত উপলব্ধ আৰু বিভিন্ন অঞ্চলৰ লোকসকলে মাতৃভাষাত নিজৰ চিন্তাবোৰ লিখিত ৰূপত প্ৰকাশ কৰে ।

যিখন দেশত মাত্ৰ ১০ শতাংশ লোকে ইংৰাজী কয়, তেনে এখন ঠাইত ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ যথেষ্ট প্ৰয়োজন আছে, যি ভাৰতীয় ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ মাতৃষাত কথাৰ আদান-প্ৰদান কৰিব পাৰে ।

লগতে পঢ়ক:HCAৰ অধ্যক্ষ মহম্মদ আজহাৰউদ্দিন(Mohammad Azharuddin)ক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.