নিউজ ডেস্ক, ১৩ মে' : প্ৰধানমন্ত্ৰীৰ পিচতেই আজি দেশবাসীক সম্বোধন কৰি আৰ্থিক পূঁজিৰ বিষয়ে তথ্য প্ৰদান কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটিৰ পূঁজি ক'ত, কিদৰে ব্যৱহাৰ কৰা হ'ব সেই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত উল্লেখ কৰাৰ লগতে আন কেতবোৰ ঘোষণা কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীয়ে ১.৭ লাখ কোটিৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পূঁজিৰ বিষয়ে উল্লেখ কৰিছিল । চৰকাৰে এই পূঁজি এইকাৰণে ঘোষণা কৰিছে যাতে দুখীয়াসকলে খাদ্য আৰু টকা লাভ কৰে । এই পূঁজিৰ দ্বাৰা স্বাস্থ্যকৰ্মীসকলৰ বাবে ৫০ লাখলৈ বীমাৰ সুবিধা আগবঢ়োৱাৰ লগতে দুখীয়া আৰু পিচপৰাসকললৈ সাহাৰ্য আগবঢ়োৱা হৈছিল ।
বিত্তমন্ত্ৰীয়ে ঘোষণা কৰাৰ ভিতৰত এমএছএমইসমূহৰ বাবে ৩ লাখ কোটিৰ আমানত মুক্ত স্বয়ংক্ৰিয় ঋণ অন্যতম । ইয়ে দেশৰ ৪৫ লাখ ক্ষুদ্ৰ ব্যৱসায়ক সহায় কৰিব । ৪ বছৰৰ ভিতৰত এই ঋণৰ সময়সীমা থাকিব আৰু ১২ মাহৰ স্থগিত সময় থাকিব । আনহাতে ২০ হাজাৰ কোটিৰ সংযোগী ঋণৰ কথাও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে, যিয়ে ২ লাখ এমএছএমইক সহায় কৰিব ।
বিত্তমন্ত্ৰীয়ে কোৱা অনুসৰি, এমএছএমইৰ পূঁজিৰ বাবে এটা পূঁজি গঠন কৰা হ'ব, য'ত বিকাশৰ সম্ভাৱনা থকা খণ্ডসমূহৰ পৰা ৫০ হজাৰ কোটিৰ ইকুইটি সংগ্ৰহ কৰা হ'ব ।
ইয়াৰ উপৰিও এমএছএমইৰ সংজ্ঞা সলনি কৰি, এতিয়াৰে পৰা ২৫ লাখ টকা বিনিয়োগ কৰা ইউনিটক মাইক্ৰ ইউনিটক ১ কোটিলৈ টকা বিনিয়োগ কৰিবলৈ সুবিধা দিয়া হ'ব বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে । ইয়াৰ উপৰিও ৫ কোটিৰ ব্যৱসায় থকা খণ্ডকো মাইক্ৰ ইউনিট হিচাপে বিবেচনা কৰা হ'ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে । স্মল আৰু মিডিয়াম খণ্ডৰ ব্যৱসায়ক বিত্তীয় তথা অন্যান্য লাভ অৰ্জনৰ বাবে বিনিয়োগ আৰু মূলধনৰ ক্ষেত্ৰত বহুখিনি ৰেহাই প্ৰদান কৰা হ'ব । চৰকাৰী ক্ৰয়ৰ বাবে ২০০ কোটিৰ গ্লোৱেল টেণ্ডাৰ বন্ধ কৰি দিয়া হ'ব, যিয়ে এমএছএমইক চৰকাৰী বিনিয়োগত তথা টেণ্ডাৰত প্ৰৱেশ কৰিবলৈ সুবিধা প্ৰদান কৰিব ।
বিত্তমন্ত্ৰীয়ে বৈধানিক কৰ্মচাৰী ভৱিষ্যতনিধিৰ বাবে নিয়োগকৰ্তাই প্ৰদান কৰা পূৰ্ৱৰ ১২ শতাংশৰ বিপৰীতে ১০ শতাংশলৈ হ্ৰাস কৰি, ৬,৭৫০ কোটিৰ লিকুইডিটি ৰিলিফ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে বিত্তমন্ত্ৰীয়ে ।
ইয়াৰ উপৰিও প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ প্ৰনালীত বিত্তমন্ত্ৰীয়ে অতিৰিক্ত ৩০ হাজাৰ কোটিৰ লিকুইডিটী ইনফিউজনৰ কথা প্ৰকাশ কৰে । পাৰ্চিয়েল ক্ৰেডিট গেৰান্টি আঁচনিৰ দ্বাৰা প্ৰথম ২০ শতাংশ লোকচান চৰকাৰে বহন কৰিব আৰু এই আঁচনিৰ বাবে প্ৰায় ৪৫ হাজাৰ কোটি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে বিত্তমন্ত্ৰীয়ে । ইয়াৰ লগতে বিত্তমন্ত্ৰীয়ে শক্তি বিতৰক কোম্পানীসমূহৰ বাবে ৯০ হাজাৰ কোটিৰ লিকুইডিটী ইনফিউজনৰ কথা প্ৰকাশ কৰে ।