ETV Bharat / business

চিকিৎসক আৰু নাৰ্ছৰ বাবে বছৰৰ শেষলৈ 25 শতাংশ ৰেহাইৰ সুবিধা ইণ্ডিগ'ৰ - ইণ্ডিগ'ৰ বিমানযাত্ৰাৰ ভাড়া

ব্যক্তিগত বিমান পৰিৱহনকাৰী সংস্থা ইণ্ডিগ'ই কোভিড-19 মহামাৰীৰ সময়ত ৰাইজৰ সেৱাত ব্ৰতী হৈ থকা চিকিৎসক আৰু নাৰ্চসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে ৷ বিমানৰ যাত্ৰাৰ ক্ষেত্ৰত বিমান পৰিৱহনকাৰী সংস্থাটোৱে চিকিৎসক আৰু নাৰ্চসকলক ভাড়াৰ ক্ষেত্ৰত 25 শতাংশ ৰেহাই প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ 2020ৰ শেষলৈ এই সুবিধা উপভোগ কৰিব পাৰিব মানৱ সেৱাৰ সৈতে জড়িত এইসকল কোভিড-19 যোদ্ধাই ৷

চিকিৎসক আৰু নাৰ্ছৰ বাবে বছৰৰ শেষলৈ 25 শতাংশ ৰেহাইৰ সুবিধা ইণ্ডিগ'ৰ

author img

By

Published : Jul 2, 2020, 5:24 PM IST

নিউজ ডেস্ক, 2 জুলাই : কোভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজখনৰ মাজতে বৃহস্পতিবাৰে ব্যক্তিগত খণ্ডৰ বিমান পৰিৱহনকাৰী সংস্থা ইণ্ডিগ'ই বিশেষ ঘোষণা কৰিছে ৷ এইক্ষেত্ৰত 2020 চনৰ শেষলৈকে কোভিড-19 যোদ্ধাসকলক বিমান ভাড়াৰ ক্ষেত্ৰত 25 শতাংশ ৰেহাই দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ব্যক্তিগত খণ্ডৰ বিমান পৰিৱহনকাৰী সংস্থাটোৱে ৷

ব্যক্তিগত বিমান পৰিৱহনকাৰী সংস্থা ইণ্ডিগ'ই কোভিড-19 মহামাৰীৰ সময়ত ৰাইজৰ সেৱাত ব্ৰতী হৈ থকা চিকিৎসক আৰু নাৰ্চসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে ৷ বিমানৰ যাত্ৰাৰ ক্ষেত্ৰত বিমান পৰিৱহনকাৰী সংস্থাটোৱে চিকিৎসক আৰু নাৰ্চসকলক ভাড়াৰ ক্ষেত্ৰত 25 শতাংশ ৰেহাই প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ 2020ৰ শেষলৈ এই সুবিধা উপভোগ কৰিব পাৰিব মানৱ সেৱাৰ সৈতে জড়িত এইসকল কোভিড-19 যোদ্ধাই ৷

এই সুবিধা উপভোগ কৰিবলৈ চিকিৎসক আৰু নাৰ্চসকলে চিকিৎসালয়ৰ নিৰ্ধাৰিত বৈধ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব আৰু ইয়াৰ দ্বাৰাই টিকট পঞ্জীয়ন কৰিব লাগিব ৷ সংস্থাটোৱে এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে এইদৰে প্ৰকাশ কৰিছে ৷ আৰু এই ৰেহাই কেৱল মাত্ৰ ইণ্ডিগ'ৰ নিৰ্ধাৰিত ৱেবচাইটত গৈ টিকট পঞ্জীয়ন কৰিলেহে উপলব্ধ হ'ব বুলি সংস্থাটোৱে জনাইছে ৷ চলিত বৰ্ষৰ 21 জুলাইৰ পৰা 31 ডিচেম্বৰলৈ এই সুবিধা উপলব্ধ থাকিব ৷

ইতিমধ্যে দেশত ঘৰুৱা বিমানৰ পৰিৱহন আৰম্ভ হৈছে ৷ ইণ্ডিগ'ই কোভিড-19 মহামাৰীৰ সময়ত বিমান পৰিৱহন এই যাত্ৰাক এক বিশেষ নাম ইতিমধ্যে প্ৰদান কৰিছে আৰু ইয়াক নাম দিছে "Tough Cookie" ৷ ইয়াৰ দ্বাৰা সংস্থাটোৱে বিমানযাত্ৰীসকলক কোভিড-19 মহামাৰীৰ সময়ত যাত্ৰা কৰিলে সকলোধৰনৰ সুৰক্ষাৰ লগতে সকলো বিমানত আৰোহন কৰাৰ লগে লগে প্ৰদান কৰা পিপিই কীটত এই নামৰ ষ্টীকাৰ লগাই দিয়াৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়কঃ ৰাজ্যৰ 28 জিলা বানৰ কবলত: 33 গৰাকীৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.