ETV Bharat / business

COVID-19 সাহাৰ্য পেকেজ : পুনৰ বঞ্চিত ভাড়াতীয়া কৃষক - দেশৰ প্ৰব্ৰজিত শ্ৰমিক, সৰু কৃষক আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে প্ৰদান কৰা উদ্দীপক পেকেজ

দেশৰ প্ৰব্ৰজিত শ্ৰমিক, সৰু কৃষক আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে প্ৰদান কৰা উদ্দীপক পেকেজত ঘোষণা কৰা নহ'ল ভাড়াতীয়া কৃষকৰ বাবে কোনো সাহাৰ্য ৷ ভাড়াতীয়া কৃষকসকল সৰ্বাধিক অসুৰক্ষিত হোৱাৰ লগতে COVID 19 ৰ ফলত সংকটত ভোগা লোকসকলৰ ভিতৰত অন্যতম ৷ IIM-আহমেদাবাদত উপস্থিত হৈ এই মন্তব্য Centre for Management in Agriculture ৰ অধ্যাপক সুখপাল সিঙৰ ৷

COVID-19 সাহাৰ্য পেকেজ
পুনৰ বঞ্চিত ভাড়াতীয়া কৃষক
author img

By

Published : May 15, 2020, 11:58 AM IST

বিজনেছ ডেস্ক, 15 মে : দেশৰ প্ৰব্ৰজিত শ্ৰমিক, সৰু কৃষক আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে প্ৰদান কৰা উদ্দীপক পেকেজত ঘোষণা কৰা নহ'ল ভাড়াতীয়া কৃষকৰ বাবে কোনো সাহাৰ্য ৷ ভাড়াতীয়া কৃষকসকল সৰ্বাধিক অসুৰক্ষিত হোৱাৰ লগতে COVID 19 ৰ ফলত সংকটত ভোগা লোকসকলৰ ভিতৰত অন্যতম ৷ IIM-আহমেদাবাদত উপস্থিত হৈ এই মন্তব্য Centre for Management in Agriculture ৰ অধ্যাপক সুখপাল সিঙৰ ৷

পুনৰ বঞ্চিত ভাড়াতীয়া কৃষক

সুখপাল সিঙে কয় যে, এই উদ্দীপক পেকেজ যথেষ্ট নহয় আৰু কৃষকৰ বিকাশৰ বাবে অধিক পেকেজ ঘোষণা কৰাৰ প্ৰয়োজন ৷

লক্ষ্যবস্তু চিন্তনীয় -

সিঙৰ মতে, NABARD ৰ জৰিয়তে প্ৰস্তাবিত অতিৰিক্ত পুনঃবিত্ত সমৰ্থনৰ 30,000 কোটিয়ে দেশৰ 11 কোটি কৃষকৰ কেৱল 3 কোটি কৃষককহে সহায় কৰিব ৷

তেওঁ কয়, "এই সংকটৰ সময়ত অতিৰিক্ত অৰ্থনৈতিক পেকেজ ঘোষণা কৰাটো ভাল খবৰ, কিন্তু 3 কোটি সৰু কৃষকসকলক কিদৰে লক্ষ্য কৰি লোৱা হ'ল এই সম্পৰ্কত কোনো নিৰ্দিষ্ট তথ্য প্ৰদান কৰা নহ'ল ৷"

KCCৰ প্ৰভাৱশীলতা -

Kisan Credit Cards (KCCs) কেৱল 10-11 শতাংশহে বৈধ বুলি মন্তব্য কৰে সুখপাল সিঙে ৷ এনে পৰিস্থিতিত KCC ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰা আৰ্থিক সহযোগিতাসমূহ কম সংখ্যক কৃষকেহে লাভ কৰিব ৷ যিহেতু KCC য়ে নিজৰ মাটিত খেতি কৰা কৃষকসকলৰ বাবে কাম কৰে সেয়েহে আনুসংগিক মুক্ত ঋণেহে ভাড়াতীয়া কৃষকসকলক সহায় কৰিলেহেঁতেন ৷

কৃষি চপোৱাৰ পাচত বাণিজ্যিক সংকট -

সুখপালে কয়, "কৃষিক্ষেত্ৰত কৃষকসকলে সন্মুখীন হোৱা অতি গুৰুত্বপূৰ্ণ সমস্যা হৈছে বাণিজ্যিক সংকট ৷ আন্তঃগাঁথনিৰ অভাৱ, সঞ্চয় আৰু ক্ৰয় প্ৰক্ৰিয়াৰ সঠিক ব্যৱস্থাৰ অভাৱৰ বাবে চাহিদা আৰু যোগান প্ৰভাৱান্বিত হ'ব আৰু উৎপাদন বৃদ্ধি পালেও ক্ৰয়ৰ অভাৱত নষ্ট হ'ব ৷

ৰেচন কাৰ্ডৰ স্থানান্তৰ -

‘One nation one card’ ৰ জৰিয়তে ৰেচন কাৰ্ডক দেশৰ যিকোনো স্থানতে ব্যৱহাৰ কৰিব পৰাটো এক আদৰণীয় পদক্ষেপ বুলি মন্তব্য কৰে সুখপাল সিঙে ৷ কিন্তু, দুই মাহ পৰ্যন্ত চৰকাৰে বিনামূলীয়া ৰেচন প্ৰদান কৰিব লাগিছিল বুলি মন্তব্য কৰে সিঙে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.