ETV Bharat / business

উপভোক্তা ৰক্ষণাবেক্ষণ ই-কমাৰ্চ নিয়ম, 2020

author img

By

Published : Aug 6, 2020, 2:59 PM IST

বিয়াগোম অনলাইন ব্যৱসায়ীক প্ৰতিষ্ঠান আমাজনে অকলেই ভাৰতত হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে ৷ আমেৰিকাস্থিত ৱালমাৰ্টে ফ্লিপকাৰ্টৰ 81 শতাংশ নিয়ন্ত্ৰণ কৰি আছে ৷ ঘৰুৱা হিচাপত 19,000 ই-কমাৰ্চ কোম্পানী আছে যদিও 70 টাহে সম্পূৰ্ণভাৱে সক্ৰিয় ৷

Consumer protection E-commerce rules, 2020
উপভোক্তা ৰক্ষণাবেক্ষণ ই-কমাৰ্চ নিয়ম, 2020

বিজনেছ ডেস্ক, 6 আগষ্ট : ই-কমাৰ্চৰ বাবেই অতি ভিতৰুৱা অঞ্চলৰ লোকে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷ অনলাইন বজাৰৰ ক্ৰয় ভাৰতত অতি ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে ৷ মোহনীয় ৰেহাই, অফাৰ আৰু কেচবেকৰ সুবিধাৰ বাবে ই-ষ্টৰসমূহে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেশৰ এটা অংশই অনলাইনৰ মাধ্যমেৰে সামগ্ৰী ক্ৰয় কৰিলেও এনে সামগ্ৰীৰ ক্ৰয়ৰ ক্ষেত্ৰত থকা সংঘাতৰ সমাধানৰ বাবে বিভিন্ন নিৰ্দেশাৱলী আছে ৷ শেহতীয়াকৈ, কেন্দ্ৰই গ্ৰাহক ৰক্ষণাবেক্ষণ বিধি আৰু বহুকেইটা নতুন ই-কমাৰ্চ নিয়মৰ সংশোধন কৰে ৷ উপভোক্তা ৰক্ষণাবেক্ষণ আইন, 2019 ৰ অন্তৰ্ভূক্ত হ'ল ই-কমাৰ্চ নিয়ম ৷ নতুন উপভোক্তা ৰক্ষণাবেক্ষণ, 2019 বিধেয়কে 2019 চনৰ 6 আগষ্টত সংসদত অনুমোদন লাভ কৰিছিল ৷ এই আইন 2020 চনৰ 27 জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছিল ৷ এয়া ই-কমাৰ্চৰ উপভোক্তাৰ বাবে এক সকাহ হিচাপে পৰিগণিত হৈছিল ৷

বিয়াগোম অনলাইন ব্যৱসায়ী আমাজনে অকলেই ভাৰতত হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে ৷ আমেৰিকাস্থিত ৱালমাৰ্টে ফ্লিপকাৰ্টৰ 81 শতাংশ নিয়ন্ত্ৰণ কৰি আছে ৷ ঘৰুৱা হিচাপত 19,000 ই-কমাৰ্চ কোম্পানী আছে যদিও 70 টাহে সম্পূৰ্ণভাৱে সক্ৰিয় ৷ বজাৰত তেওঁলোকৰে সৰহভাগ শ্বেয়াৰ থাকে ৷ এই ডিজিটেল ষ্টৰসমূহত জোতা-কাপোৰৰ পৰা আদি কৰি চিকিৎসা সামগ্ৰী পৰ্যন্ত সকলো উপলব্ধ ৷ 2018 চনত, দেশত 22.4 কোটি ই-গ্ৰাহক আছিল ৷ 2020 চনৰ শেষৰ ফালে এই সংখ্যা 32 কোটিলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে ৷ 2017 চনত ই-কমাৰ্চৰ পৰা আৰ্জিত ধন আছিল 1.79 কোটি টকা আৰু 2021 চন পৰ্যন্ত এই পৰিমাণ 6.28 লাখ কোটি হ'বগৈ বুলি অনুমান কৰা হৈছে ৷ মহামাৰীৰ সময়ত ডিজিটেল বিক্ৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে ৷ প্ৰথম অৱস্থাত, নিয়ন্ত্ৰণাধীন নোহোৱা বাবে ই-কমাৰ্চ কোম্পানীসমূহ কাঠফুলাৰ দৰে বৃদ্ধি পাইছিল ৷ ডেলিভাৰ নকৰা অথবা ক্ষতিগ্ৰস্ত সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাই কোম্পানীক প্ৰশ্ন কৰিব নোৱাৰে ৷ পূৰ্বে বহু উপভোক্তাই অভিযোগ কৰিছিল যে, আইফোনৰ সলনি তেওঁলোকে চাবোনৰ বাকচ অথবা ইটা লাভ কৰিছে ৷ এনে অভিযোগৰ পাচত ই-কমাৰ্চ চাইটসমূহে টকা পুনৰ ঘূৰাই দিয়াৰ সময়ত অধিক সময় লয় ৷

নতুন উপভোক্তা ৰক্ষণাবেক্ষণ নিয়ম, 2020 অনুসৰি, ভাৰতীয় উপভোক্তাক সামগ্ৰী যোগান ধৰা প্ৰতি ডিজেটেল ব্যৱসায়ৰ ক্ষেত্ৰতে ই-কমাৰ্চৰ নিয়মসমূহ প্ৰযোজ্য হ'ব ৷ নকল তথা ক্ষতিগ্ৰস্ত সামগ্ৰী প্ৰদান কৰাৰ ক্ষেত্ৰত এই নতুন নিয়মে উপভোক্তাক শক্তিশালী কৰিব আৰু ইয়াৰ বাবে ই-বিক্ৰেতাসকল দায়বদ্ধ হ'ব ৷ ক্ৰয়ৰ বাবে নিশ্চিতি প্ৰদান কৰাৰ পাচত কোনো বাতিলকৰণ মূল্য ল'ব নোৱাৰিব ৷ অনলাইন বিক্ৰেতাই সামগ্ৰীৰ ৰিটাৰ্ন, ৰিফাণ্ড, এক্সচেঞ্জ, গেৰান্টী, ডেলিভাৰী আৰু শ্বিপমেন্ট, পৰিশোধ কৰাৰ প্ৰকাৰ, বিক্ৰেতাৰ দেশ আদি সামগ্ৰীৰ অৰ্ডাৰ কৰাৰ সময়ত দেখুৱাব লাগিব ৷ চীনা সামগ্ৰীত নিষেধাজ্ঞা আৰোপ কৰা বাবে এই সময়ছোৱাত ইয়াৰ প্ৰয়োজনীয়তা অধিক ৷ খাদ্য আৰু ৰাজহুৱা বিতৰণৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে ৰাজ্য চৰকাৰসমূহক এই নিৰ্দেশাৱলী কঠোৰভাৱে বলৱৎ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

কেন্দ্ৰীয় উপভোক্তা ৰক্ষণাবেক্ষণ প্ৰাধিকৰণে (CCPA) উপভোক্তাৰ অধিকাৰক উলংঘা কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰিব ৷ চীফ কমিচনাৰৰ নেতৃত্বত উপভোক্তাৰ অধিকাৰ সম্পৰ্কীয় বিষয়সমূহ চোৱা-চিতা কৰা হ'ব ৷ স্নেপডিলৰ দৰে ই-কমাৰ্চ কোম্পানীয়ে এই নতুন নিয়মক স্বাগতম জনাইছে ৷ কিন্তু এখন ই-কমাৰ্চ ফাৰ্মে ইয়াৰ বিৰোধিতা কৰি কয় যে, গ্ৰাহকক প্ৰতিটো ক্ৰয়ৰ বিপৰীতে তথ্য প্ৰদান কৰাটো কষ্টকৰ ৷ এই নতুন নিয়মে ডিজিটেল একাধিপত্যৰ অন্ত পেলাব নে নাই সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.