নিউজ ডেস্ক, ২ নৱেম্বৰ : নৱবৰ্ষক নতুন ডিভাইচেৰে আদৰণি জনাব এপ’লে(Apple) । ২০২২ চনৰ আৰম্ভণিতে এপলে মিক্সড ৰিয়েলিটি ডিভাইচ মুকলি কৰিব । পাৱাৰ অন নামৰ নিউজ লেটাৰৰ শেহতীয়া সংস্কৰণত মাৰ্ক গুৰমেনে উল্লেখ কৰিছে যে, এপ’লে অহা বছৰৰ আৰম্ভণিতে এডভাঞ্চ চিপছ, ডিছপ্লে আৰু চেন্সৰৰ সুবিধা থকা ডিভাইচটো মুকলি কৰাৰ পৰিকল্পনা কৰিছে । হেডছেটত অন্তৰ্ভুক্ত থাকিব এ আৰ আৰু ভি আৰ ক্ষমতা, যাৰ জৰিয়তে মিক্সড ৰিয়েলিটি অভিজ্ঞতা লাভ কৰিব পৰা যাব আৰু ই উন্নত মানৰ ভাৰ্চুৱেল ৰিয়েলিটিত গেমবোৰ পৰিচালনা কৰিব পাৰিব ।
নতুন ডিভাইচটো ব্যৱসায়িক গ্ৰাহকসকলৰ বাবে প্ৰস্তুত কৰা হ'ব বুলি ধাৰণা কৰা হৈছে । এপ’লৰ বিশ্লেষক মিং-চি কুওৰ মতে, এআৰ অথবা ভিআৰ ডিভাইচবোৰ মূলত গেমিঙৰ বাবে উপযোগী বুলি বজাৰত চলি অহা ধাৰণা এই নতুন হেডছেটে সলনি কৰিব । নতুন এপল হেডছেটটো অকুলাছ কোৱেষ্টৰ দৰে একে হ'ব আৰু প্ৰট’টাইপত কিছুমান এ আৰ সুবিধা সক্ষম কৰিবলৈ বাহিৰত কেমেৰা থাকিব । ইয়াত কমেও ১৫ টা কেমেৰা মডিউল, আই-ট্ৰেকিং, সম্ভৱতঃ আইৰিছ চিনাক্তকৰণ থাকিব পাৰে ।
নতুন ডিভাইচটোৰ মূল্য ২-৩ হাজাৰ ডলাৰ হোৱাৰ সম্ভাৱনা আছে ।
বহু সময় ধৰি পৰিধান কৰি থকাত সুবিধা হোৱাকৈ পাতল আৰু আকৰ্ষণীয় ৰূপত এ আৰ হেডছেট সজাই তোলা হ'ব বুলি আশা কৰা হৈছে । ডিভাইচটোত হাই-ৰিজলিউশ্যন ডিচপ্লে থাকিব । এপ’লৰ এই নতুন ডিভাইচটোৱে গ্ৰাহকক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক: ধনতেৰচ বিশেষ : ধনতেৰচত এইকেইটা কাম কৰিলে লাভান্বিত হ’ব অপুনি