ETV Bharat / briefs

কৃত্ৰিম বানৰ কৱলত ৰাজ্যৰ বহু ঠাই - প্লাবিত হয়

এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয় বেকাজানৰ লগতে মৰিয়নীত,বানৰ ফলত অঞ্চলবাসীৰ বিস্তৰ ক্ষতি

কৃত্ৰিম বানৰ কৱলত ৰাজ্যৰ বহু ঠাই
author img

By

Published : May 22, 2019, 3:54 PM IST

যোৰহাট, ২২মে': বাৰিষাৰ আগমণৰ লগে-লগে ৰাজ্যত আৰম্ভ হৈছে কৃত্ৰিম বান। বুধবাৰে এজাক বৰষুণতেই বেকাজান আৰক্ষী চকী,তৃতীয় অসম আৰক্ষী বাহিনী কেম্পৰ লগতে অঞ্চলটোৰ প্ৰায় সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান ডুব যায় পানীত। যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় অঞ্চলবাসীয়ে। ইপিনে, বিগত পাঁচ বছৰ ধৰি বেকাজানৰ টেৰী মেৰী উপনৈৰ ওপৰত দলং নিৰ্মাণৰ বাবে অঞ্চলবাসীয়ে দাবী জনায় আহিছিল যদিও তিতাবৰ মহকুমা প্ৰশাসনে কোনো গুৰুত্ব বহন নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । ইফালে,বানৰ ফলত বেকাজানৰ 200 বিঘা কৃষিভূমি নষ্ট হৈছিল যদিও বৰ্তমানেও কোনো ক্ষতি পূৰণ নাপালে অঞ্চলবাসীয়ে ।

কৃত্ৰিম বানৰ কৱলত ৰাজ্যৰ বহু ঠাই

আনহাতে, ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰিয়নীটো সৃষ্টি হয় কৃত্ৰিম বানৰ। মঙলবাৰে পুৱতি নিশাৰ পৰা অহা প্ৰৱল বৃষ্টিপাতৰ ফলত মৰিয়নীৰ নগৰকে আদি কৰি দাঁতিকাষৰীয়া কেইবাটাও অঞ্চল প্লাবিত হয়। বৰষুণৰ ফলত অসম নাগালেণ্ড সীমান্তৰ দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ মাজত থকা কেইবাটাও ফিছাৰীৰ ভেটা ভাঙে। যাৰ ফলত অঞ্চলবাসীৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে জংগল ব্লকো প্লাবিত হৈ পৰে।

Intro:আজি এজাক বৰষুণৰ ফলত বেকাজান আৰক্ষী চকী তৃতীয় অসম আৰক্ষী বাহিনী কেম্প আৰু বেকাজান দোকান সকলো পানীৰ তলত । আজি পাঁচ বছৰ ধৰি এই সমস্যাৰ সমাধান নহল । বেকাজান ৰাইজে আজি পাঁচ বছৰৰ পৰা দাবী কৰি আহিছে যে টেৰী মেৰী নদীৰ ওপৰত থকা পুল উটায় দলং হব লাগে কিন্তু কান সাৰ নাই তিতাবৰ মহকুমা প্ৰশাসনৰ।ইয়াৰ ফলত জিয়াটো ভুগিব লগা হৈছে বেকাজানৰ ৰাইজ তথা বেকাজান আৰক্ষী জোৱান সকল।এজাক বৰষুণ ফলত বানপানী হয় বেকাজান তBody:পাহাৰৰ পৰা বানপানী ফলত নামি অহা বোকা তথা গেল ফল বেকাজান 200 বিঘা কৃষি ভূমি নষ্ট হৈছে কিন্তু আজি লৈ ইয়াৰ ক্ষতি পূৰ নাপালে কৃষক ৰাইজে । বোকা পাহাৰ গেল পৰা এতিয়া মানুহৰ নানা ধৰণৰ বেমাৰ দেখা দিব কিন্তু এই সমস্যা সমস্যা হৈ থাকিব।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.