বিহালী, 8 জুন: আজি বিহালী আঞ্চলিক অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) সমিতিয়ে বিহালীৰ মোনাবাৰী চাহ বাগিছাস্থিত সুধাকন্ঠ জাতীয় বিদ্যালয় প্ৰাংগনত পালন কৰে ৩১ তম্ শ্বহীদ দিৱস ৷ এই শ্বহীদ দিৱস অনুষ্ঠানত ৰাজ্যৰ চাহ জনগোষ্ঠীৰ হকে বলিষ্ঠভাৱে মাত মাতি নিজ প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ পুৱা প্ৰায় ১০ বজাত বিহালী আঞ্চলিক সমিতি আটছাৰ সভাপতি বাবুল গোৱালাই পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলনৰ পিচতেই শ্বহীদ তৰ্পন কৰে প্ৰাক্তন আটছা নেতা তথা মোনাবাৰী হাই স্কুলৰ সহঃশিক্ষক যোগেশ্বৰ টংলাই ৷
লগতে সন্ধ্যা মোনাবাৰী শাখা আটছাৰ উদ্যোগত মোনাবাৰী চেন্টাৰৰ মাজ মজিয়াত উপ-শাখা সমিতিৰ দ্বাৰা দেশমাতৃৰ সুৰক্ষাৰ হকে ঝাৰখণ্ডত মাওবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি শ্বহীদ হোৱা অসম মাতৃৰ বীৰ সন্তান এছ এছ বিৰ জোৱান নীৰজ চেত্ৰীক সুঁৱৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।